ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 1
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,
পাপীবিলাকৰ পথত থিয় নহয়,
নিন্দকবোৰৰ সমাবেশত নবহে;
কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,
যি গছে বতৰত ফল দিয়ে,
আৰু যাৰ পাত জঁয় নপৰে;
সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
দুষ্টবোৰ তেনেকুৱা নহয়;
সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,
আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,
কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.