Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 150

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা;

তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।

তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা,

তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।

শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা;

নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।

খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা;

তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।

কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা;

কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।

শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.