Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 149

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,

ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,

ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;

চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।

তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,

খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।

কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;

তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।

ভক্তসকলে বিজয়ত1 উল্লাসিত হওক;

তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।

তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,

তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;

যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,

আৰু লোক সমূহক শাস্তি দিব পাৰে;

যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,

তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;

যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,

এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Source notes (1)
  1. Footnote গৌৰৱতে

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.