Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 10

হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা?

সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?

অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে;

তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;

দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে;

লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে1।

দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়;

“ঈশ্বৰে ইয়াক বিচাৰি নাপাব;”

তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”

সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়;

তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে,

সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত;

তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।

তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব।

আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”

তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ;

তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।

গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে;

সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে;

কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।

তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে;

তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে;

তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।

তেওঁলোকে চাপৰি কুঁজা হৈ

অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।

তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে;

তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”

হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা;

নির্যাতিত সকলক পাহৰি নাযাবা।

দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে?

তেওঁলোকে কিয় মনে মনে ভাৱে যে,

“তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”

কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা;

অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া,

তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা;

অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে;

তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা

দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা;

তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।

যিহোৱা চিৰকালৰ ৰজা;

তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।

হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা;

তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা,

তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;

এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব;

তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।

Source notes (1)
  1. Footnote তেওঁ লুভীয়া লোকক আশীর্বাদ দিয়ে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.