Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হিতো 12

যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়;

কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।

শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়;

কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।

কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়;

কিন্তু সত্যতাত চলা জনৰ মূল লৰচৰ নহব।

গুণৱতী ভাৰ্যা স্বামীৰ মুকুটৰ দৰে;

কিন্তু লাজ দিওঁতা মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়।

সত্যতাত চলা জনৰ পৰিকল্পনা ন্যায় হয়;

কিন্তু দুষ্টলোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ।

দুষ্টলোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়;

কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে।

দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়;

কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।

মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়;

কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।

গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল;

খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বকলৈ অহংকাৰ কৰে।

যিজনে সত্যতাত চলে, তেওঁ নিজৰ পশুৰ প্রয়োজনীয়তালৈ যত্ন কৰে;

কিন্তু দুষ্টলোকৰ সহানুভুতি নিষ্ঠুৰতাযুক্ত।

যিজনে নিজৰ মাটিত চহায়, তেওঁ জোৰাওকৈ আহাৰ পায়;

কিন্তু যিজনে মূল্যহীন অভিপ্রায়ৰ অনুগামী হয়, তেওঁ জ্ঞানশূন্য।

দুষ্টলোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্রতি পাপীলোকে আকাংক্ষা কৰে;

কিন্তু সত্যতাত চলা জনৰ ফল নিজৰ পৰাই আহে।

পাপী জনক তেওঁৰ কুকথাই ফান্দত পেলাই;

কিন্তু সত্যতাত চলাজন সঙ্কটৰ পৰা ৰক্ষা পায়।

মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়;

তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়।

অজ্ঞানীৰ পথ তেওঁৰ নিজৰ দৃষ্টিত শুদ্ধ;

কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে।

অজ্ঞানীয়ে খন্তেকতে খং দেখুৱাই;

কিন্তু যিজনে অপমান অবজ্ঞা কৰে, তেওঁ দূৰদৰ্শী হয়।

যিজন সত্যবাদী, তেওঁ ন্যায় কথা কয়;

কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়।

যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয়, তেওঁ তৰোৱালৰ আঘাতৰ দৰে;

কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে।

সত্যবাদী ওঁঠ চিৰকাললৈকে থাকে;

কিন্তু মিছা কোৱা জিভা ক্ষন্তেকীয়া।

কুকল্পনা কৰা সকলৰ মনত প্ৰতাৰণা থাকে;

কিন্তু শান্তিৰ পৰামৰ্শ দিয়া সকলৰ আনন্দ হয়।

সত্যতাত চলা জনলৈ কোনো ৰোগ নাহে;

কিন্তু দুষ্টলোক সমস্যাৰে পৰিপূৰ্ণ হয়।

মিছা কোৱা ওঁঠ যিহোৱাৰ ঘিণলগীয়া;

কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে।

দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে;

কিন্তু অজ্ঞানীৰ মনে নিৰ্বুদ্ধিতা প্ৰকাশ কৰে।

পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব;

কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।

মানুহৰ মনৰ দুচিন্তাই তেওঁৰ মূল্য কম কৰে;

কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে।

সত্যতাত চলা জন তেওঁৰ বন্ধুৰ পথ দৰ্শক হয়;

কিন্তু দুষ্টলোকৰ পথে তেওঁলোকক বিপথে নিয়ে।

এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে;

কিন্তু পৰিশ্ৰমী লোকে মূল্যবান সম্পত্তি লাভ কৰে।

যিসকলে সজ পথত চলে, তেওঁলোকে জীৱন পায়;

আৰু এই পথত মৃত্যু নাই।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.