Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হিতো 10

চলোমনৰ নীতি-বাক্য।

চলোমনৰ নীতি বাক্য।

জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে;

কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।

দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই;

কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।

যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে;

কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।

এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়,

কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।

গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়;

কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।

সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে;

কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।

সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ;

কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।

যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে;

কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।

যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে,

কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।

চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে;

কিন্তু কথকি মুৰ্খলোক পতিত হয়।

সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ;

কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।

ঘৃণাই বিবাদ জন্মায়;

কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।

সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়;

কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।

জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে;

কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।

ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ;

কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।

সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে;

দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।

যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে;

কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।

যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক,

আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।

অধিক কথাত অপৰাধৰ অভাৱ নাই;

কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।

যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে;

দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।

সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে;

কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।

যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে,

আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।

দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ,

কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।

দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে;

কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।

দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়,

কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।

দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা,

পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।

যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে;

কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।

সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক;

কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।

যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে।

কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।

যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব;

কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।

যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়;

কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।

যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে;

কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.