যোৱে
Joel
Introduction from this edition
যোৱেল
গ্রন্থ ৰচয়িতা
যোৱেল পুস্তকৰ লিখক আছিল ভাববাদী যোৱেল (যোৱেল 1:1)। এই পুস্তকত কিছুমান ব্যক্তিগত তথ্যৰ বাহিৰে আমি ভাববাদী যোৱেলৰ সম্পর্কে অতি কম জানিবলৈ পাওঁ। তেওঁ নিজকে পিথুয়েলৰ পুত্র হিচাপে চিনাকি দিছে, তেওঁ যিহূদাৰ লোকসকলৰ প্রতি প্রচাৰ কৰে, আৰু যিৰূচালেমলৈ অধিক আগ্রহ প্রকাশ কৰে। ইয়াৰ উপৰিও তেওঁ পুৰোহিত আৰু মন্দিৰ সম্পর্কত বিভিন্ন মন্তব্য প্রদান কৰিছে, লগতে যিহূদাৰ উপাসনা কেন্দ্রৰ সৈতেও ঘনিষ্ঠ ইংগিত প্রদান কৰিছে। (যোৱেল 1:13-14; 2:14,17)।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 835-600 খ্রীষ্টপূর্ব মাজভাগত।
সম্ভৱতঃ পুৰণি নিয়মৰ ইতিহাসৰ সময় পাৰস্য কালত যোৱেলে বসবাস কৰিছিল। সেই সময়ত, পাৰস্যৰ লোকসকলে কিছুমান ইহুদিক যিৰূচালেমলৈ উভতি যাবৰ বাবে অনুমতি দিছিল আৰু অৱশেষত মন্দিৰৰ পুনৰ নির্মান হয়। যোৱেল আছিল মন্দিৰৰ সৈতে পৰিচিত, সেয়ে তেওঁ নিশ্চিতভাবে পুনৰূদ্ধাৰৰ পাছত হ’ব।
প্রাপক
ইস্রায়েলৰ লোক আৰু পাছত বাইবেলৰ সকলো পাঠক।
উদ্দেশ্য
ঈশ্বৰ দয়ালুও হয়, যিসকলে মনপালটন কৰে, সেই লোকক ক্ষমা দান কৰে। এই পুস্তক খনৰ দ্বাৰা দুটা প্রধান ঘটনাক দৃষ্টিগোচৰ কৰিছে। এটা হ’ল ফৰিঙৰ আক্রমণ আৰু আনটো হ’ল আত্মাৰ প্রকাশ। পাঁচনিৰ কর্ম দুই অধ্যায়ত পিতৰৰ যোগেদি পঞ্চাশদিনীয়া পর্বৰ ঠাইত এই উদ্ধৃতি প্রাথমিকভাবে পৰিপূর্ণ হয়।
মূল বিষয়
প্রভুৰ দিন।
প্রান্তৰেখা
1. ফৰিঙৰ দ্বাৰা ইস্রায়েল আক্রান্ত হোৱা — 1:1-20
2. ঈশ্বৰৰ শাস্তি — 2:1-17
3. ইস্রায়েলৰ পুনৰূদ্ধাৰ — 2:18-32
4. ঈশ্বৰে তেওঁৰ লোকসকলৰ মাজত থাকি দেশৰ বিচাৰ কৰে — 3:1-21
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.