Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ইয়ো 6

ইয়োবৰ উত্তৰ

তেতিয়া ইয়োবে উত্তৰ দি ক’লে,

“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে,

আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।

কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন;

এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।

কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল,

মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে;

ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।

বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে?

বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?

যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়?

বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?

মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত,

সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।

অস! মোৰ নিবেদন সফল হোৱা হ’লে,

আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।

অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে,

তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।

সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন,

এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন;

কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।

মোৰ বলনো কি, মই যে অপেক্ষা কৰিম?

আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?

মোৰ বল জানো শিলৰ বল?

বা মোৰ মাংস জানো পিতলৰ?

মই একেবাৰেই উপায়হীন নহওঁ নে?

আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?

নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে;

সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।

মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক;

বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।

সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে,

আৰু হিম সেইবোৰত লীন হৈ যায়;

কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়,

আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।

সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়,

আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।

তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে,

আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;

কিন্তু তেওঁলোক আশাত বঞ্চিত হয়,

তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।

কিয়নো এতিয়া তোমালোক একো নোহোৱা;

তোমালোকে আপদ দেখি ভয় পাইছা।

মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া;

তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?

বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা,

নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?

মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম;

আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।

ন্যায় বাক্য কেনে বেদনাদায়ক!

কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?

তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা,

নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?

তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন,

আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।

এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা;

কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।

মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক;

আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।

মোৰ জিভাত জানো অন্যায় আছে?

মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.