Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

দ্বি.বি. 19

আশ্ৰয় নগৰ

আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব, তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব। সেই ঠাইলৈ যাবলৈ এটা পথও আপোনালোকে নির্মাণ কৰি ল’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ আপোনালোকক নিছে, সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।

সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে, যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব; তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল। এই কাৰণতে মই আপোনালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো। যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্বপুৰুষসকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু আপোনালোকৰ সীমাবোৰ বৃদ্ধি কৰে, মই আজি আপোনালোকক দিয়া সকলো আজ্ঞা যদি আপোনালোকে মানি চলে - যদি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ পথত চলে, তেতিয়া আপোনালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিব। আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।

কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়, তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব। আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্রৱেশ কৰিবলৈ দিব, প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাব। বহুদিনৰ আগেয়ে সেই চিহ্নবোৰ তাত ৰখা হৈছিল।

সাক্ষী সম্পর্কে নিয়ম

কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ’লে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব। যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে, তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব; বিচাৰকসকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে, তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব। তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব। আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.