দ্বি.বি.
Deuteronomy
Introduction from this edition
দ্বিতীয় বিৱৰণ
গ্রন্থ ৰচয়িতা
দ্বিতীয় বিৱৰণ পুস্তকখন মোচিয়ে লিখা, ই আছিল তেওঁৰ এটা সত্য সংগ্রহৰ বিৱৰণ; ইস্রায়েলে জর্দন নদী পাৰ হৈ অহাৰ আগৰ তেওঁলোকৰ বিৱৰণ। “এই কথাবোৰ মোচিয়ে কোৱা” (1:1)। কিছুমানে কয় যিহোচূৱা হয়তো শেষ অধ্যায় লিখিছে। এই পুস্তকখনে নিজেই অধিকাংশ বিষয়বস্তু মোচিৰ ওচৰত তুলি ধৰিছে (1:1,5; 31:24)। মোচিয়ে দ্বিতীয় বিৱৰণৰ অৱস্থান নির্ণয় কৰে আৰু ইস্রায়েলীসকলে মোৱাব অঞ্চলত অৱস্থান কৰি থকা সময়ত, যি জর্দান অঞ্চল মৰৎ সাগৰৰ পৰা প্রবাহিত হৈ আছিল (1:5)। দ্বিতীয় বিৱৰণৰ অর্থ হ’ল “দ্বিতীয় বিধান”। এইটো আছিল ঈশ্বৰ আৰু তেওঁৰ মনোনীত লোক ইস্রায়েলৰ বিধানৰ মাজত সম্পর্কযুক্ত।
লিখাৰ স্থান আৰু সময়
সম্ভৱতঃ লিখাৰ সময় প্রায় 1 446-1 405 খ্রীষ্টপূর্বৰ মাজভাগ।
এই পুস্তক খন লিখা হৈছিল ইস্রায়েলীসকলে প্রতিজ্ঞাৰ দেশত প্রৱেশ কৰাৰ 40 দিন পূর্বে।
প্রাপক
ইস্রায়েলীসকলৰ এটা নতুন প্রজন্ম, যিসকলে প্রতিজ্ঞাৰ দেশত প্রৱেশ কৰিবৰ বাবে প্রস্তুত আছিল, আৰু যিসকলৰ অভিভাৱকসকলৰ মিচৰত বন্দী হৈ থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি অনাৰ 40 বছৰ পাৰ হৈ গৈছিল, সেইসকলৰ লগতে সকলো বাইবেলৰ পাঠক।
উদ্দেশ্য
দ্বিতীয় বিৱৰণত আছে জাতিৰ প্রতি মোচিৰ বিদায় বক্তৃতা। ইস্রায়েলীসকলে প্রতিজ্ঞাৰ দেশত প্রৱেশ কৰিবৰ বাবে স্থিৰ কৰা। মিচৰৰ পৰা চল্লিশ বছৰ যাত্রা কৰাৰ পাছত, এই জাতিয়ে প্রায় জর্দন নদী পাৰ হৈ কানান দেশ জয় কৰিছিল। তাৰ পাছত মোচিৰ মৃত্যু হয়, আৰু তেওঁ এই জাতিৰ সৈতে সেই দেশত প্রৱেশ কৰিব নোৱাৰে। এই জাতিয়ে ঈশ্বৰৰ আজ্ঞাত বাধ্য হ’বৰ বাবে মোচিয়ে এটা আবেগপূর্ণ বিদায় বক্তৃতা দিছিল, যাতে তেওঁলোকে কুশলে তেওঁলোকৰ প্রতিজ্ঞাৰ দেশত যাব পাৰে (6:1-3,17-19)। এই বক্তৃতাই লোকসকলক মনত পেলাই দিয়ে তেওঁলোকৰ ঈশ্বৰ কোন (6:4) আৰু তেওঁলোকৰ কাৰণে তেওঁ কি কৰিছে (6:10-12,20-23)। মোচিৰ প্রার্থনা সমূহ লোকসকললৈ এই আজ্ঞাবোৰ পৰৱর্তী প্রজন্মৰ বাবে গৈছে (6:6-9)।
মূল বিষয়
বাধ্যতা
প্রান্তৰেখা
1. মিচৰৰ পৰা ইস্রায়েলৰ যাত্রা — 1:1-3:29
2. ঈশ্বৰৰ সৈতে ইস্রায়েলৰ সম্পর্ক — 4:1-5:33
3. ঈশ্বৰৰ ওচৰত বিশ্বস্ততাৰ গুৰুত্ব — 6:1-11:32
4. কেনেকৈ ঈশ্বৰ লৈ প্রেম আৰু তেওঁৰ আজ্ঞা ধৰি ৰাখিব — 12:1-26:19
5. আশীর্বাদ আৰু অভিশাপ — 27:1-30:20
6. মোচিৰ মৃত্যু — 31:1-34:12
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.