চফ
Zephaniah
Introduction from this edition
চফনিয়া
গ্রন্থ ৰচয়িতা
চফনিয়া 1:1 পদে লিখক হিচাপে নিজে পৰিচয় কৰাই কয় যে, “হিষ্কিয়াৰ বৃদ্ধ পৰিনাতি, অমৰিয়াৰ পৰিনাতি, গদলিয়াৰ নাতি, কুচীৰ পুত্র চফনিয়া”। চফনিয়া নামৰ অর্থ হ’ল “ঈশ্বৰৰ দ্বাৰা ৰক্ষিত”, ইয়াৰ মাজত উল্লেখযোগ্য হ’ল পুৰোহিত যিৰিমিয়া (21:1; 29:25, 29; 37:3; 52:24), কিন্তু ইয়াৰ সৈতে চফনিয়া নামৰ কোনো সম্পর্ক পোৱা নাযায়। প্রায়ে দাবী কৰে যে, চফনিয়াই তেওঁৰ পূর্বপুৰুষৰ ওপৰত ভিত্তি কৰি এটা ৰাজকীয় পটভুমি তৈয়াৰ কৰিছে। ভাববাদী যিচয়া আৰু মীখাৰ সময়ৰ পৰা যিহূদাৰ বিৰুদ্ধে ভাববাণী কৰা ভাববাদীসকলৰ ভিতৰত চফনিয়াই আছিল প্রথম।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 640-607 খ্রীষ্টপূর্বৰ ভিতৰত।
এই পুস্তক খনে আমাক যিহূদাৰ পৰা যিচিয়াৰ ৰাজত্বকালত কৰা ভবিষ্যতবাণীৰ বিষয়ে কয় (চফনিয়া 1:1)।
প্রাপক
যিহূদাৰ লোকসকল (দক্ষিণাঞ্চল ৰাজ্যৰ) আৰু সকলোতে থকা ঈশ্বৰৰ লোকসকলৰ প্রতি সাধাৰণ পত্র।
উদ্দেশ্য
চফনিয়াৰ সোধবিচাৰৰ বার্তা আৰু বিধানৰ তিনিটা প্রধান উৎসাহ, ঈশ্বৰ সকলো জাতিৰ ওপৰত সার্বভৌম, দুষ্টলোকে দণ্ড পাব আৰু ধার্মিকসকল সোধবিচাৰৰ দিনত সপ্রমাণ হ’ব; যিসকল লোকে মনপালটন কৰে আৰু তেওঁত আস্থা ৰাখে, ঈশ্বৰে সেই লোকসকলক আশীর্বাদ দিয়ে।
মূল বিষয়
প্রভুৰ মহান দিন।
প্রান্তৰেখা
1. ধ্বংসৰ কাৰণে প্রভুৰ দিন অহা — 1:1-18
2. আশাৰ সঞ্চাৰ — 2:1-3
3. জাতি সমূহৰ ওপৰত ধ্বংস — 2:4-15
4. যিৰূচালেমৰ ওপৰত ধ্বংস — 3:1-7
5. আশাৰ উভতনি — 3:8-20
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.