Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

জখ 3

জখৰিয়াৰ চতুৰ্থ দৰ্শন।

তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে। তেতিয়া যিহোৱাৰ দূতে1 চয়তানক ক’লে, “হে চয়তান, যিহোৱাই তোমাক ধমকি দিয়ক; যিজনে যিৰূচালেমক মনোনীত কৰিলে, তেওঁ তোমাক ধমকি দিয়ক! এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয় নে?” সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,

সেইবাবে দূতে ক’লে আৰু তেওঁৰ আগত থিয় হৈ থকাসকলক ক’লে, “এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ সোলোকাই পেলোৱা।” তেতিয়া তেওঁ যিহোচূৱাক ক’লে, “চোৱা! মই তোমাৰ অপৰাধ তোমাৰ পৰা আতৰালোঁ, আৰু মই তোমাক উত্তম বস্ত্ৰ পিন্ধাম।” মই কলোঁ2, “তেওঁৰ মূৰত তোমালোকে এটা পাগুৰি পিন্ধাই দিয়া!” এইদৰে যিহোৱাৰ দূত যেতিয়া তেওঁলোকৰ ওচৰত থিয় হৈ আছিল, তেতিয়া তেওঁলোকে যিহোচূৱাৰ মুৰত এটা শুচি পাগুৰি পিন্ধাই দিলে, আৰু তেওঁক বস্ত্ৰ পিন্ধালে।

তাৰ পাছত যিহোৱাৰ দূতজনাই যিহোচূৱাক শ্রদ্ধাৰে আজ্ঞা কৰি ক’লে, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে:

তুমি যদি মোৰ পথত চলা, আৰু মোৰ আজ্ঞাবোৰ যদি পালন কৰা,

তেনেহ’লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা আৰু মোৰ চোতালখন ৰাখিবা;

কাৰণ মোৰ আগত থিয় হৈ থকা এই লোকসকলৰ মাজত, মই তোমাক অহা যোৱা কৰিবলৈ অধিকাৰ দিম।

হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা!

কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।

এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’,

বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম,

‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।

বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।

Source notes (2)
  1. Footnote যিহূদাৰ পত্র 1:9
  2. Footnote তেওঁ ক’লে

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.