Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰোমীয়া 7

যীচুৰ যোগে ব্যৱস্থাৰ পৰা মুক্তি পোৱা যায়৷

হে ভাই সকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছোঁ

কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়। এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।

সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ1, এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল। কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ2, বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।

কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।

ব্যৱস্থাৱলম্বী লোকৰ দুৰ্ভাগ্য

তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷ কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।

পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ। দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷

কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে। এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।

তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল। কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।

কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ3। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।

কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷4 ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।

কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ। কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে। এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।

কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।

হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।

Source notes (4)
  1. Footnote গালা 5:22, 23; ফিলি 1:11
  2. Footnote গালা 5:16, 19-26; যাক 1:15
  3. Footnote গালা 5:17
  4. Footnote হিতো 20:9; যিচ 64:6; যিৰি 17:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.