Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 90

গীতমালা‍ চতুর্থ খণ্ড

ঈশ্বৰৰ লোক মোচিৰ প্ৰাৰ্থনা।

হে প্ৰভু, পুৰুষে পুৰুষে তুমিয়েই আমাৰ বাসস্থান হৈ আহিছা।

পৰ্ব্বতবোৰ উৎপন্ন হোৱাৰ আগেয়ে,

পৃথিৱী আৰু জগত সৃষ্টিৰ আগতে,

অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত তুমিয়েই ঈশ্বৰ।

তুমি মানুহক ধূলিলৈ উভটাই লৈ যোৱা;

তুমি কোৱা, “হে মনুষ্য সন্তান সকল উভটি যোৱা”।

তোমাৰ দৃষ্টিত হাজাৰ বছৰ যেন পাৰ হোৱা যোৱাকালিৰ নিচিনা;

যেন ৰাতিৰ এক প্ৰহৰ মাত্র।

তুমি মানুহক ধলৰ দৰে উটুৱাই লৈ যোৱা,

তেওঁলোক এটা সপোনৰ নিচিনা;

যেন ৰাতিপুৱা নতুনকৈ ঠন ধৰি উঠা ঘাঁহৰ দৰে;

ৰাতি পুৱালেই সেয়ে গজি বাঢ়িবলৈ ধৰে;

গধূলি বেলা সেয়ে শুকাই শেষ হৈ যায়।

তোমাৰ ক্ৰোধে আমাক গ্রাস কৰে,

তোমাৰ কোপত আমি ব্যাকুল হওঁ।

তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা;

তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।

তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়;

নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।

আমাৰ আয়ুস মাত্র সত্তৰ বছৰ,

হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে;

তথাপিতো আমি শক্তি1 থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে;

বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি2 যাওঁ।

তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে?

তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?

সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা;

যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।

হে যিহোৱা, আৰু কিমান কাল?

তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।

পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা,

যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।

যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু,

যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।

তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম,

আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।

আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক;

তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা;

হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।

Source notes (2)
  1. Footnote গর্ব কৰিব পৰা বছৰবোৰত
  2. Footnote নাইকিয়া হৈ যাওঁ

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.