Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 76

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত।

যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;

ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।

চালেম1ত তেওঁৰ তম্বু আছে;

চিয়োনত তেওঁৰ বসতি স্থান আছে।

তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;

ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]

তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;

যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।

এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল;

তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল।

পৰাক্ৰমীসকল অসহায় হ’ল।

হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,

ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।

তুমি, হয় তুমিয়েই আতঙ্কজনক;

তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?

তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়;

পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।

হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা;

পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। [চেলা]

অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব;

তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা2।

তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;

তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।

তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব;

তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।

Source notes (2)
  1. Footnote যিৰুচালেম
  2. Footnote অৱশিষ্ট লোকৰ যুদ্ধক সোঁৱৰণ কৰিব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.