Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 69

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত।

হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;

কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।

মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;

গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।

মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;

মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।

অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;

অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;

মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।

হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;

আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।

হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;

হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।

তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;

তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।

মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;

তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।

কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;

আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।

যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ1;

তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।

যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;

তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।

নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;

মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।

কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;

তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।

বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;

মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।

ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;

আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।

হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;

তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।

তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;

কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।

তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;

মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।

মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;

মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।

তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;

কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,

কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।

তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;

মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।

তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;

আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব2।

তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;

তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।

তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;

তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।

তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;

তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।

কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;

তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।

তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;

তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।

জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;

আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।

কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;

হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।

মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;

ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।

তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;

নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।

নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;

হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।

কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;

আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।

আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;

সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।

কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;

লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।

তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;

তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।

Source notes (2)
  1. Footnote উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ।
  2. Footnote তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.