Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 61

প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া দায়ূদৰ ৰচিত গীত।

হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;

মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।

মোৰ মন দুখত যেতিয়া ভাঙি পৰে,

মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম;

তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।

কিয়নো তুমি মোৰ আশ্ৰয়,

শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।

মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম;

তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। [চেলা]

কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা।

তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।

তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা;

তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।

তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব;

তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।

তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম;

প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.