Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 6

প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত।

হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা;

তোমাৰ ক্রোধত মোক শাসন নকৰিবা।

হে যিহোৱা, মোক কৃপা কৰা,

কিয়নো মই দুর্বল;

হে যিহোৱা মোক সুস্থ কৰা,

কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।

মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে;

হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?

হে যিহোৱা, মোলৈ ঘূৰি চোৱা,

মোৰ প্ৰাণ ৰক্ষা কৰা;

তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।

মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়;

চিয়োলত1 কোনে তোমাৰ প্ৰশংসা কৰিব?

মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো;

গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও;

মোৰ বিচনা তিতি যায়।

দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে;

শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।

হে দুষ্ট কার্য কৰা লোকবিলাক,

তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা;

কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।

যিহোৱাই মোৰ নিবেদন শুনিলে;

তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।

মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব;

সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।

Source notes (1)
  1. Footnote চিয়োলত মৈদাম

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.