Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 45

প্ৰধান বাদ্যকৰৰ নিমিত্তে: সুৰ: চোচন্নীম। কোৰহৰ বংশৰ মচকীল নামৰ প্ৰেম সঙ্গীত।

মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে;

ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো;

মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।

মানুহৰ সন্তান সকলতকৈ তুমি পৰম সুন্দৰ;

তোমাৰ ওঁঠযোৰি অনুগ্ৰহেৰে পৰিপূৰ্ণ;

ঈশ্বৰে চিৰকাললৈকে তোমাক আশীৰ্ব্বাদ কৰিলে।

হে বীৰ, তোমাৰ তৰোৱাল কঁকালত বান্ধি লোৱা;

গৌৰৱ আৰু মহিমাৰ সাজত তুমি বিভূষিত হোৱা।

ধার্মিকতাযুক্ত সত্য আৰু নম্রতাৰ পক্ষে তুমি নিজৰ গৌৰৱত বিজয়ীৰ দৰে যাত্রা কৰা;

তোমাৰ সোঁ হাতে তোমাক ভয় জন্মোৱা কাৰ্য শিকাওঁক।

তোমাৰ ধনুৰ কাঁড়বোৰ চোকা;

ৰজাৰ শত্ৰুবোৰৰ বুকুত সেই কাঁড়বোৰে বিন্ধি যায়;

জাতিবোৰ তোমাৰ ভৰিৰ তলত পৰি যায়;

ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী1, অনন্ত কাললৈকে থাকে;

তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।

তুমি ধাৰ্মিকতাক ভাল পোৱা আৰু দুষ্টতাক ঘৃণা কৰা;

সেইবাবে ঈশ্বৰে, তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ

অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে।

গন্ধৰস, অগৰু আৰু দালচিনিৰ সকলো গন্ধত তোমাৰ বস্ত্ৰ সুগন্ধ হৈছে।

হাতী-দাঁতেৰে নির্মাণ কৰা অট্টালিকাৰ পৰা তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ বাদ্যই তোমাক আনন্দ দিয়ে।

তোমাৰ সন্মানীত মহিলাসকলৰ মাজত ৰাজকন্যাও আছে;

তোমাৰ সোঁহাতে সোণ আৰু ওফীৰৰে বিভূষিতা ৰাণী থিয় হৈ আছে।

হে কন্যা, মন দি কাণ পাতি শুনা;

তোমাৰ লোকসকলক তুমি পাহৰি যোৱা;

তোমাৰ পিতৃ গৃহৰ কথা পাহৰি যোৱা।

তেতিয়াহে ৰজাই তোমাৰ সৌন্দৰ্য্যত ইচ্ছা প্রকাশ কৰিব;

কিয়নো তেৱেঁই তোমাৰ প্ৰভু; তেওঁৰ আগত প্রণাম কৰা।

তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব;

ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।

ৰাজপ্রাসাদত ৰাজকন্যাক সজ্জিত কৰা হ’ব;

তেওঁৰ বস্ত্ৰ সোণৰ সূতাৰে বোৱা হৈছে।

নানা বৰঙীয়া ফুলাম বস্ত্ৰেৰে বিভূষিত কৰি তেওঁক ৰজাৰ আগলৈ নিয়া হব;

তাইৰ পাছত তাইৰ অবিবাহিতা সংগীসকলেও অনুসৰণ কৰিব।

আনন্দ আৰু উল্লাসেৰে তেওঁলোকক লৈ অনা হব;

তেওঁলোক ৰজাৰ ৰাজপ্রসাদত আহি সোমাব।

তোমাৰ পূর্বপুৰুষসকলৰ ঠাই তোমাৰ পুত্রসকলে ল’ব;

লোকসকলৰ মাজত তুমি তেওঁলোকক গোটেই পৃথিবীত ৰাজকুমাৰ কৰিবা।

মই তোমাৰ নাম পুৰুষানুক্ৰমে সোঁৱৰণ কৰিম;

সেইকাৰণে লোকসকলে চিৰকাললৈকে তোমাৰ ধন্যবাদ কৰিব।

Source notes (1)
  1. Footnote হে ঈশ্বৰ, তোমাৰ সিংহাসন, ঈশ্বৰৰ সিংহাসন, চাওক ইব্ৰী 1:8-9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.