ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 4
প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।
হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো,
তেতিয়া তুমি মোক উত্তৰ দিয়া।
বিপদে যেতিয়া মোক হেঁচি ধৰিলে,
কিন্তু তুমিয়ে মোক বহল ঠাই দিলা;
মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা?
কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি
অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।
কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক
তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে।
মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা;
নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।
তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!”
হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,
তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
মই শান্তিৰে শুই টোপনি যাম।
কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.