Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 32

মচকীল নামেৰে দায়ুদৰ ৰচিত গীত

ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়;

যি লোকৰ পাপ ঢকা হয়।

ধন্য সেই ব্যক্তি, যি ব্যক্তিৰ অপৰাধ যিহোৱাই গণনা নকৰে,

আৰু যি ব্যক্তিৰ মনত কোনো ছলনা নাই।

মই যেতিয়া পাপ স্বীকাৰ নকৰি মনে মনে আছিলোঁ, তেতিয়া ওৰে দিনটো কেঁকাই থকাত মোৰ অস্থিবোৰ ক্ষয় পাইছিল।

কিয়নো তেতিয়া দিনে ৰাতিয়ে মোৰ ওপৰত তোমাৰ হাত গধুৰ হৈ আছিল,

মোৰ গাৰ শক্তি জহকালৰ তাপত যেনেকৈ হয়, তেনেকৈয়ে শুকাই গৈছিল। (চেলা)

তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ;

মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ;

মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”;

তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)

সেইবাবে প্রয়োজনৰ সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক1;

বিপদ মহা-জলপ্লাৱনৰ দৰে আহিলেও সেইজনৰ ওচৰ নাপাব।

তুমি মোৰ গুপ্তস্থান;

তুমি মোক সঙ্কটৰ পৰা উদ্ধাৰ কৰোঁতা;

মুক্তিৰ জয়ধ্বনিৰে তুমি মোক আৱৰি ৰাখোঁতা। (চেলা)

মই তোমাক বুদ্ধি দিম;

তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।

তোমালোক ঘোঁৰা বা খছৰৰ নিচিনা নহবা,

সিহঁতৰ বুজন শক্তি নাই;

মুখত লাগাম আৰু দনা ভূষণৰূপে লগাই সিহঁতক বশ কৰা হয়,

নহলে, সিহঁত তোমালোকৰ ওচৰলৈ নাহিব।

দুষ্টলোকৰ যাতনা অধিক;

কিন্তু যিজনে যিহোৱাত নির্ভৰ কৰে, যিহোৱাৰ অসীম দয়াই তেওঁক আৱৰি ৰাখে।

হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা;

যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।

Source notes (1)
  1. Footnote সেইবাবে তোমাক পাব পৰা সময়ত প্রতিজন বিশ্বাসীয়ে তোমাৰ আগত প্রার্থনা কৰক

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.