Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 147

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা;

কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম!

কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।

যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে;

সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।

তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে,

তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

তেওঁ তৰাবোৰ গণনা কৰে;

তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।

আমাৰ প্ৰভু মহান;

তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।

যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে;

দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।

তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা;

বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।

যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে,

যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে,

যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,

পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে

তেওঁ আহাৰ দিয়ে।

ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়,

মানুহৰ1 ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;

কিন্তু যিসকলে যিহোৱাক ভয় কৰে,

আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে,

তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা;

হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।

কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে,

তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।

তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে;

তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।

তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়;

তেওঁৰ বাক্য ততালিকে ধাবমান হয়।

তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে,

ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।

তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়;

তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?

তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে;

তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।

তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে;

আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।

অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই;

তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

Source notes (1)
  1. Footnote মানুহৰ যোদ্ধাৰ

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.