ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 138
দায়ুদৰ ৰচিত গীত
হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;
দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;
তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;
কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান1।
মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;
তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;
কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।
তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;
কিয়নো যিহোৱাৰ গৌৰৱ মহান।
কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;
কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ,
তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা2;
তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;
হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।
তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
Source notes (2)
- Footnote তুমি তোমাৰ নাম আৰু কথাবোৰ উন্নত কৰিলা। বা, তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।
- Footnote তুমি মোক পুনৰুত্থান কৰিবা
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.