Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গীত 135

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যিহোৱাৰ নামৰ প্ৰশংসা কৰা।

হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।

তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়;

তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।

কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক,

নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।

কিয়নো মই জানো যে যিহোৱা মহান,

আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।

আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।

তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে;

তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।

তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল;

মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।

হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে;

ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।

তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।

ইমোৰীয়াবোৰৰ ৰজা চীহোন,

বাচানৰ ৰজা ওগক বধ কৰিলে;

কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।

তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে;

নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।

হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী;

হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।

কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব,

নিজ দাসবোৰক কৃপা কৰিব।

জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ;

সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।

সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে;

চকু আছে, কিন্তু নেদেখে;

কাণ আছে, কিন্তু নুশুনে,

সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।

সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা;

সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।

হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;

হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।

চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক;

তেওঁ যিৰূচালেমত নিবাস কৰে।

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.