ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
গীত 114
ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,
যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,
ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
সমুদ্ৰই1 তাকে দেখি পলায়ন কৰিলে;
যৰ্দ্দন নদী উজাই গ’ল।
পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ,
পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
হে সমুদ্ৰ, তোমাৰ কি হ’ল?
কিয় তুমি পলাই গ’লা?
হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা?
হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,
যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে,
চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।
Source notes (1)
- Footnote সমুদ্ৰই চূফ সাগৰ
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.