Skip to content
BibleKenya

ফিলীমন

Philemon

Introduction from this edition

ফিলীমনৰ প্ৰতি পত্ৰ

গ্রন্থ ৰচয়িতা

ফিলিমন পুস্তকৰ লিখক পাঁচনি পৌল আছিল (1:1). তেওঁৰ ফিলিমনৰ প্রতি পত্রত, পৌলে কৈছে যে, তেওঁ ফিলিমনক উভতি অহাৰ পৰা ওনিচিমলৈ পঠিয়াইছে, আৰু কলচীয়া 4:9 পদত, ওনিচিমাচ পৰিচিত আছিল এজন টিচিকাচৰ সৈতে কলচীয়ালৈ অহা লোক হিচাপে (যি জনে এই পত্র কলচীয়াবাসীক আনি দিছিল). মন কৰিবলগীয়া এয়ে যে, এইটো অতি গুৰুত্বপূর্ণ দেখুৱাবলৈ পৌলে তেওঁৰ নিজৰ হাতেৰে এই পত্ৰ লিখিছিল।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্রায় 60 খ্রীষ্টাব্দ।

ৰোমত থাকোতে পৌলে এই পত্র ফিলিমনলৈ লিখিছিল, ফিলিমন লৈ এই পত্ৰ লিখা সময়ত পৌল বন্দী হৈ আছিল।

প্রাপক

পৌলে এই পত্র লিখিছিল, ফিলিমন, অফিয়া, অর্কিপাচ আৰু আর্কিপাচৰ গৃহত গোট খোৱা মণ্ডলীলৈ। এই পত্ৰৰ বিষয়বস্তুৰ পৰা এইটো স্পষ্ট যে, এই পত্ৰৰ প্ৰাথমিক উদ্দীষ্ট পাঠক আছিল ফিলিমন।

উদ্দেশ্য

ওনিচিমাচক পুনৰ জৰিমনাবিহীনভাবে উভতাই লবলৈ ফিলিমনক সন্তুষ্ট কৰিবলৈ পৌলে এই পত্র লিখিছিল (ক্রীতদাস ওনিচিমাচ তেওঁৰ মালিক, ফিলিমন, আৰু পলাই গ’ল) (10-12, 17). তদুপৰি তেওঁ বিচাৰিছিল যে ফিলিমনৰ সৈতে ওনিচিমাচে নীচ ক্রীতদাস হিচাপে আচৰণ কৰাতকৈ “প্রিয় ভাই” বুলি কৰিছিল (15-16)। ওনিচিমাচ আছিল ফিলিমনৰ সম্পত্তি, আৰু পৌলে তেওঁৰ মালিকৰ ওচৰলৈ উভতি যাবৰ বাবে পথ মসৃণ কৰিবলৈ লিখিছিল। পৌলৰ সাক্ষ্যৰ যোগেদি তেওঁ, ওনিচিমক এজন খ্রীষ্টিয়ান হৈ উঠুলবলৈ দিছে (1:10)।

মূল বিষয়

ক্ষমা।

প্রান্তৰেখা

1. অভিবাদন — 1:1-3

2. ধন্যবাদ দিয়া — 1:4-7

3. ওনিচিমৰ বাবে মধ্যস্ততা কৰা — 1:8-22

4. চূড়ান্ত বাক্য — 1:23-25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.