Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

গননা 26

ইস্ৰায়েলৰ সন্তান সকলক দ্বিতীয়বাৰ গণনা কৰা।

এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”

তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে, “মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”

ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী, হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী। এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।

আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল। কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।

সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোঁতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল। কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান:

নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী,

যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,

যামীনৰ পৰা যামীনীয়া গোষ্ঠী,

যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,

জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী,

চৌলৰ পৰা চৌলীয়া গোষ্ঠী। চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান:

চফোনৰ পৰা চফোনীয়া গোষ্ঠী,

হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী,

চূনীৰ পৰা চূনীয়া গোষ্ঠী,

অজনী পৰা অজনীয়া গোষ্ঠী,

এৰীৰ পৰা এৰীয়া গোষ্ঠী,

অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী,

অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী। গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।

যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান:

চেলাৰ পৰা চেলানীয়া গোষ্ঠী,

পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী,

জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী। পেৰচৰ সন্তান এইসকল:

হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী,

হামূলৰ পৰা হামূলীয়া গোষ্ঠী। যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান:

তোলাৰ পৰা তোলাইয়া গোষ্ঠী,

পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,

যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী,

চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী। ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান:

চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী,

এলোনৰ পৰা এলোনীয়া গোষ্ঠী,

যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী। জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল। মনচিৰ সন্তান এইসকল:

মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী1,

সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।

গিলিয়দৰ সন্তান এইসকল:

ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী,

হেলকৰ পৰা হেলকীয়া গোষ্ঠী

অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী,

চেখমৰ পৰা চেখমীয়া গোষ্ঠী,

চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী,

আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।

সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল। এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান:

চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী,

বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী,

তহনৰ পৰা তহনীয়া গোষ্ঠী, আৰু চুথেলহৰ সন্তান সকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী। ইফ্ৰয়িমৰ সন্তান সকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।

নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল:

বেলাৰ পৰা বেলাইয়া গোষ্ঠী,

অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী,

অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,

চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী,

হূফমৰ পৰা হূফমীয়া গোষ্ঠী।

আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী। চুহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল:

যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী,

যিচবিৰ পৰা যিচবিয়া গোষ্ঠী,

বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।

বৰীয়াৰ সন্তান এই লোকসকল:

হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী,

মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।

আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল। আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তান সকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।

নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল:

যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী,

গূণীৰ পৰা গূণীয়া গোষ্ঠী,

যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী,

চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।

নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।

ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।

পাছত যিহোৱাই মোচিক ক’লে, “নামৰ সংখ্যা অনুসাৰে উত্তৰাধিকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।

অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা। কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব। লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”

নিজ নিজ গোষ্ঠী অনুসাৰে লেবী ফৈদৰ মাজত গণিত লোক এই সকল:

গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী,

কহাতৰ পৰা কহাতীয়া গোষ্ঠী,

মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।

লেবীয়া গোষ্ঠী এই লোকসকল:

লিবনীয়া গোষ্ঠী,

হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী,

মুচীয়া গোষ্ঠী

আৰু কোৰহীয়া গোষ্ঠী।

অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।

হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।

কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোঁতে তেওঁলোকৰ মৃত্যু হ’ল। তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধিকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোক গণিত নহ’ল।

এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰিলে। কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তান সকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।

কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।

Source notes (1)
  1. Footnote মাখীৰীয়া গোষ্ঠী মাখীৰৰ গিলিয়দৰ পিতৃ আছিল

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.