লূক
Luke
Introduction from this edition
লূকে লিখা শুভবার্তা
গ্রন্থ ৰচয়িতা
প্রাচীন লোকসকলৰ অভিন্ন বিশ্বাস যে, লেখক লুক এজন চিকিৎসক আছিল আৰু তেঁৱে এই লেখা লিখিছিল, তেওঁ দ্বিতীয় প্রজন্মৰ খ্রীষ্টিয়ানসকলৰ মাজৰ পৰা আবির্ভুত হৈছিল। প্রথাগতভাবে তেওঁক এজন অনা-যিহূদী হিচাবে দেখা যায়, তেওঁ আছিল প্রাথমিক স্তৰত এজন প্রচাৰক, তেঁৱেই এই শুভবার্তা আৰু পাঁচনিৰ কৰ্ম পুস্তক লিখিছিল আৰু তেওঁ পৌলৰ মিছনাৰী কর্মৰ সংগী আছিল। (কলচীয়া 4:14; 2 তীম. 4:11; ফিলিপীয়া 2:4)।
লিখাৰ স্থান আৰু সময়
সম্ভবতঃ সময় প্রায় 60-80 খ্রীষ্টাব্দ।
লুকে তেওঁৰ এই লেখা কৈচৰিয়াত আৰম্ভ কৰিছিল আৰু ৰোমত সমাপ্ত কৰিছিল। লেখাৰ মূল স্থান আছিল বৈৎলেহেম, গালীল, যিহূদীয়া আৰু যিৰূচালেম।
প্রাপক
লুকৰ এই পুস্তক খন থিয়’ফিলাচলৈ উৎসর্গ কৰা হৈছিল, এই নামৰ অর্থ হ’ল ‘ঈশ্বৰ প্রেমিক’। এইটো স্পষ্ট আছিল যে, তেওঁ ইতিমধ্যে এজন খ্রীষ্টিয়ান আছিল অথবা তেওঁ এজন হিচাপে বিবেচিত আছিল। প্রকৃততে লুকে তেওঁক অতি উত্তম বুলি চিনাক্ত কৰে (লূক 1:3) হয়তো তেওঁ এজন ৰোমান কর্মকর্তা আছিল, ইয়াত তেওঁ অনা-যিহূদী শ্রোতাৰ বাবে বিভিন্ন তথ্যগত কথা লিখিছে আৰু তেওঁৰ এই লেখাৰ প্রধান লক্ষ্যই হ’ল মানুহৰ পুত্র আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্রকাশ কৰা (লুক 5:24, 19:10, 17:20-21; 13:18)।
উদ্দেশ্য
এই পুস্তক খন হ’ল যীচুৰ জীৱনৰ এক বর্ণনা, লুকে যীচুক মানুহৰ পুত্র হিচাপে উপস্থাপন কৰিছে, তেওঁ এয়া থিয়’ফিলাচৰ প্রতি লিখিছে, যাতে তেওঁ যি শিকিলে-বুজিলে, সেয়া যাতে তেঁৱো ভালদৰে বুজি পাব পাৰে (লুক 1:4)। লুক হ’ল এক নিপীড়ন সময়ত খ্রীষ্ট বিশ্বাসৰ এটা প্রতিৰক্ষা লেখা আছিল, ইয়ে দেখুৱাই যে যীচু খ্রীষ্টৰ অনুসৰণকাৰীসকলৰ সম্পর্কত প্রতিষ্ঠান বিৰোধী বা অশুভ একোৱে নাছিল। মূল বিষয় যীচু- প্রকৃত মানুহ।
মূল বিষয়
যীচু- প্রকৃত মানুহ।
প্রান্তৰেখা
1. যীচুৰ জন্ম আৰু প্ৰাৰম্ভিক জীৱন — 1:5-2:52
2. যীচুৰ কর্মৰ আৰম্ভণি — 3:1-4:13
3. যীচু হ’ল পৰিত্রাণৰ লেখক — 4:14-9:50
4. ক্রুচত যীচুৰ অগ্রগতি — 9:51-19:27
5. যীচুৰ তূৰীধ্বনিৰে যিৰূচালেমত প্রৱেশ, ক্রুচবিদ্ধ আৰু পুনৰুত্থান — 19:28-24:53
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.