যিহো
Joshua
Introduction from this edition
যিহোচূৱা
গ্রন্থ ৰচয়িতা
যিহোচূৱা পুস্তকত স্পষ্টভাবে লিখকৰ নাম কোৱা হোৱা নাই। ইয়াতকৈও ডাঙৰ কথা এয়ে যে, নূনৰ পুত্র যিহোচূৱা ইস্রায়েলৰ নেতা মোচিৰ উত্তৰসূৰী আছিল; আৰু তেৱেঁই এই পুস্তকৰ লিপিৱদ্ধ কৰোঁতা। এই পুস্তকৰ শেষভাগ, যিহোচূৱাৰ মৃত্যুৰ পাছত আন কোনো লোকৰ দ্বাৰা লিখা হৈছিল। এইটোও সম্ভব হ’ব পাৰে যে, যিহোচূৱাৰ মৃত্যুৰ পাছত এই পুস্তকৰ বহু বিভাগ বা অংশ সম্পাদিত বা সংযোজিত কৰা হৈছে। এই পুস্তকখনত মোচিৰ মৃত্যুৰ সময়ৰ পৰা যিহোচূৱাৰ নেতৃত্বত প্রতিজ্ঞাৰ দেশ জয় কৰা সময়লৈ, এই গোটেই ঘটনাৰ বিৱৰণ আছে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য লিখাৰ সময় প্রায় 1405 - 1385
খ্রীষ্টপূর্বৰ মাজভাগ। এই পুস্তকৰ লিখাৰ এটা সম্ভাব্য সম্ভাবনাময় সময় হল, কনানৰ উৎপত্তিৰ পৰা, য’ত যিহোচূৱাৰ দেশৰ ওপৰত বিজয় হৈছিল।
প্রাপক
যিহোচূৱাই এই পুস্তক লিখিছিল ইস্রায়েলৰ লোকসকলৰ কাৰণে আৰু বাইবেলৰ ভবিষ্যত পাঠকসকললৈ।
উদ্দেশ্য
যিহোচূৱা পুস্তক খনত ঈশ্বৰে প্রতিশ্রুতি দিয়া দেশ জয় কৰিবলৈ যোৱা সামৰিক অভিযানৰ এক সংক্ষিপ্ত বিৱৰণ। মিচৰৰ পৰা যাত্রা আৰু পৰৱর্তী 40 বছৰ ধৰি মৰুপ্রান্তৰ পৰা অহা এই যাত্রাক অনুসৰণ কৰি সদ্য গঠিত এটা জাতিয়ে এখন প্রতিশ্রুত দেশত প্রৱেশ কৰাৰ কাৰণে প্রস্তুত হোৱা, অধিবাসীসকলক জয় কৰা আৰু সেই অঞ্চল দখল কৰা। যিহোচুৱা পুস্তকে দেখুৱাই যে, এই মনোনীত কৰা ব্যক্তিসকলে তেওঁলোকৰ প্রতিশ্রুত দেশত প্রতিষ্ঠিত হৈছিল। যিহেতু ইয়াৰ মাজত যিহোৱাৰ বিশ্বাসযোগ্যতাত তেওঁৰ বিধানৰ সৈতে প্রতিষ্ঠাতাক বিচাৰি পোৱা যায় আৰু ইয়াক চিনয়ত প্রথম এই জাতিৰ সৈতে দিয়া হয়। এই শাস্ত্রত অনুপ্রেৰণা আছে আৰু ঈশ্বৰৰ লোকসকলৰ প্রতি বিধানৰ প্রতি আনুগ্যতাত উদ্বুদ্ধ কৰা আৰু ভবিষ্যৎ প্রজন্মৰ মাজত প্ৰতিজ্ঞাৰ বিশ্বস্ততা, আৰু ঐক্য আৰু উচ্চ নৈতিকতালৈ অনুপ্রাণিত কৰা।
মূল বিষয়
বিজয়।
প্রান্তৰেখা
1. প্রতিশ্রুত দেশত প্রবেশ — 1:1-5:12
2. দেশ বিজয় — 5:13-12:24
3. দেশ বিভাজন কৰা — 13:1-21:45
4. উপজাতিৰ ঐক্য আৰু প্রভুৰ প্রতি বিশ্বস্ততা — 22:1-24:33
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.