Skip to content
BibleKenya

যোহন

John

Introduction from this edition

যোহনে লিখা শুভবাৰ্তা

গ্রন্থ ৰচয়িতা

যোহন চিবদিয়ৰ পুতেক আছিল, এইটো সুস্পষ্ট যে এই শুভবার্তা পুস্তক যোহনৰ দ্বাৰাই লেখা হৈছিল 21:20,24 এই শুভবার্তা পুস্তক যীচুৱে ভাল পোৱা, সেই শিষ্যৰ দ্বাৰা লিখা হৈছিল আৰু যোহনে নিজকে কৈছিল যে “এই শিষ্য, যিজনক যীচুৱে ভাল পাইছিল”। তেওঁ আৰু তেওঁৰ ভাই যাকোবক “মেঘ গর্জনৰ পুতেক” বুলি কোৱা হয় (মাৰ্ক 3:17) তেওঁলোকৰ বিশেষাধিকাৰ আছিল যীচুৰ বিষয়ে সাক্ষ্য দিয়া আৰু যীচুৰ জীৱনৰ ঘটনা সমূহৰ বিষয়ে প্রমাণ দিয়াৰ।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্রায় 50-90 খ্রীষ্টাব্দ।

যোহনৰ শুভবার্তা খন ইফিচত লেখা, লেখাৰ বাবে স্থান সমূহ হয়তো যিহূদীয়াৰ গ্রামাঞ্চল, চমৰিয়া, গালীল, বৈথনিয়া, যিৰুচালেম হ’ব পাৰে।

প্রাপক

যোহনৰ শুভবার্তা যিহূদীসকলৰ প্রতি লেখা আছিল। তেওঁৰ শুভবার্তা যিহূদীসকলৰ ওচৰলৈ প্রমাণ কৰাৰ কাৰণে লেখা হৈছিল যে, যীচু মছীহ আছিল। যি তথ্য তেওঁ দিছে, সেয়া হ’ল যে তেওঁলোকে বিশ্বাস কৰে যে যীচু মছীহ খ্রীষ্ট আৰু বিশ্বাস কৰে যে তেওঁৰ জীৱনত থাকি পাৰে তেওঁৰ নাম।

উদ্দেশ্য

যোহনৰ শুভবার্তাৰ মূল উদ্দেশ্য হ’ল “বিশ্বাসী খ্রীষ্টিয়ানসকল নিশ্চিত আৰু নিৰাপদ হিচাপে উল্লেখ কৰা হয় যোহন 20:31”, “কিন্তু ইয়াত লিখা আছে যে, আপুনি যীচুক খ্রীষ্ট বুলি বিশ্বাস কৰিব পাৰে, ঈশ্বৰৰ পুত্র, আৰু তেওঁত বিশ্বাস কৰাৰ দ্বাৰা জীৱন থাকিব পাৰে।” যোহনে স্পষ্টভাবে যীচুক ঈশ্বৰ বুলি ঘোষণা কৰিছে (যোহন 1:1) আৰু যি জনে সকলোৰে ওপৰত ক্ষমতাবান (যোহন 1:3)। তেওঁ হ’ল পোহৰ (যোহন 1:4, 8:12) আৰু জীৱন (যোহন 1:4, 5:26, 14:6)। যোহনে লিখা শুভবার্তা যীচু খ্রীষ্টক ঈশ্বৰৰ পুত্র হিচাপে প্রমাণ কৰাৰ কাৰণে এই শুভবার্তা যোহনে লিখিছিল।

মূল বিষয়

যীচু- ঈশ্বৰৰ পুত্র।

প্রান্তৰেখা

1. যীচু জীৱনৰ অধিকাৰী — 1:1-18

2. প্রথম শিষ্যক আহ্বান কৰা — 1:19-51

3. যীচুৰ ৰাজহুৱা পৰিচর্যা — 2:1-16:33

4. মহা পুৰোহিতৰ প্রার্থনাৰ পদ্ধতি — 17:1-26

5. খ্রীষ্টৰ ক্রুচবিদ্ধ আৰু পুনৰুত্থান — 18:1-20:10

6. পুনৰুত্থানৰ পাছত যীচুৰ পৰিচর্যা — 20:11-21:25

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.