ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
ইয়ো 25
বিল্দদৰ তৃতীয় বক্তৃতা।
তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;
তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।
তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?
আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?
তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?
আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?
চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,
আৰু তৰাবোৰো নিৰ্ম্মল নহয়।
তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!
আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.