Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিচ 46

বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন।

বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে,

সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।

একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে;

কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।

গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো:

সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।

আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম;

ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।

তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ,সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?

লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে।

তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।

তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়।

তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।

হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা;

কাৰণ ময়েই ঈশ্বৰ,আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।

মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই;

মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”

মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম;

হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।

সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা।

মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়;

আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.