হোচ
Hosea
Introduction from this edition
হোচেয়া
গ্রন্থ ৰচয়িতা
হোচেয়া পুস্তকৰ অধিকাংশ বার্তা হোচেয়াৰ দ্বাৰা উচ্চাৰিত হোৱা। আমি নাজানো যে, এই পুস্তক তেওঁ নিজে লিখিছিল নে নাই; সম্ভৱতঃ তেওঁৰ কথাবোৰ তেওঁৰ অনুগামীসকলে সংগ্রহ কৰিছিল, যি লোকসকলে বিশ্বাস কৰিছিল যে, তেওঁ ঈশ্বৰৰ ববে কথা কৈছিল। ভাববাদীৰ নামৰ অর্থ হ’ল “পৰিত্রাণ”। আন সকলোবোৰ ভাববাদীতকৈ হোচেয়াই তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ৰ সৈতে অতি ঘনিষ্ঠভাবে তেওঁৰ বার্তাক সংযুক্ত কৰিছে। এই মহিলা গৰাকীক বিয়া কৰোঁৱাৰ দ্বাৰা তেওঁ জানিছিল যে, অবশেষত তেওঁৰ আস্থাক সেই মহিলা গৰাকীয়ে বিশ্বাসঘাতকতা কৰিব আৰু তেওঁৰ সন্তানসকলৰ নামেৰে ইস্রায়েলৰ ওপৰত বিচাৰৰ বার্তা পঠাব; হোচেয়াৰ ভাববাণীযুক্ত বাক্য তেওঁৰ পাৰিবাৰিক জীৱনৰ পৰা প্রবাহিত হৈছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 750-710 খ্রীষ্টপূর্বৰ মাজভাগত।
হোচেয়াৰ বার্তাবোৰ সংগ্রহ কৰা, সম্পাদনা কৰা আৰু অনুলিপি কৰা বার্তা। এইটো স্পষ্ট নহয় যে এই প্রক্রিয়া কেতিয়া শেষ হৈছিল, তথাপিও যিৰূচালেম ধ্বংস হৈ যোৱাৰ আগতেই শেষ হোৱাৰ সম্ভাৱনাই অধিক বুলি বিবেচিত হয়।
প্রাপক
হোচেয়াৰ মৌখিক বার্তাৰ মূল দর্শকসকল আছিল ইস্রায়েলৰ উত্তৰ অঞ্চলৰ সাম্রাজ্য। তাৰ পাছত তেওঁলোকক পদদলিত কৰা হ’ল, তেতিয়া তেওঁৰ বাক্য এটা ভাববাণী হিচাপে বিচাৰৰ সতর্কবাণী হ’ল, এটা মনপালটনৰ প্রতি আহ্বান আৰু পুনৰূদ্ধাৰৰ প্রতিশ্রুতি হ’ল।
উদ্দেশ্য
হোচেয়াই এই পুস্তক খন লিখিছিল ইস্রায়েলী আৰু আমাক সোঁৱৰাই দিবলৈ যে, ঈশ্বৰত বিশ্বাসযোগ্যতাৰ প্রয়োজন আছে। যিহোৱাই হ’ল একমাত্র সত্য ঈশ্বৰ, আৰু তেওঁ অবিভক্ত বিশ্বস্ততা দাবী কৰে। পাপে বিচাৰৰ ৰায় লৈ আহে। হোচেয়াই বেদনাদায়ক পৰিণতি, আগ্রাসন আৰু দাসত্ব সম্পর্কে সতর্ক কৰিছে। ঈশ্বৰ মানুহৰ নিচিনা নহয় যে, তেওঁ বিশ্বাসযোগ্যতাৰ প্রতিশ্রুতি দি পাছত তাক ভংগ কৰিব। ইস্রায়েলে বিশ্বাসঘাতকতা কৰা সত্বেও, ঈশ্বৰে তেওঁলোকৰ প্রতি প্রেম অব্যাহত ৰাখিছে, আৰু তেওঁলোকৰ পুনৰূদ্ধাৰৰ বাবে এটা উপায় প্রদান কৰিছে। হোচেয়া আৰু গোমৰৰ বিবাহৰ উপাস্থাপনাৰ প্রতীকটোৰ যোগেদি ইস্রায়েল জাতিৰ মূর্তিপূজকসকলৰ বাবে ঈশ্বৰ প্রেমৰ এটা সবল ৰূপক হিচাপে প্রকাশিত হৈছে, য’ত পাপৰ মূল বিষয়ত সোধবিচাৰ, আৰু ক্ষমাশীল প্রেম আছে।
মূল বিষয়
অবিশ্বাসযোগ্যতা।
প্রান্তৰেখা
1. হোচেয়াৰ অবিশ্বস্ত স্ত্রী — 1:1-11
2. ইস্রায়েলৰ বিচাৰ আৰু ঈশ্বৰৰ শাস্তি — 2:1-23
3. ঈশ্বৰে তেওঁৰ লোকক উদ্ধাৰ কৰে — 3:1-5
4. শাস্তি আৰু ইস্রায়েলৰ অবিশ্বাস — 4:1-10:15
5. ঈশ্বৰৰ প্রেম আৰু ইস্রায়েলৰ পুনৰূদ্ধাৰ — 11:1-14:9
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.