Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আদি 39

মিচৰ দেশত যোচেফ

যোচেফক মিচৰ দেশলৈ লৈ যোৱা হ’ল। ইশ্মায়েলীয়াসকলে যোচেফক মিচৰ দেশলৈ আনিছিল আৰু তাত ফৰৌণ ৰজাৰ পোটিফৰ নামৰ এজন মিচৰীয় বিষয়াই যোচেফক তেওঁলোকৰ পৰা কিনি লৈছিল। পোটিফৰ ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি আছিল। যিহোৱা যোচেফৰ সংগে সংগে থকাত তেওঁ এজন সফল ব্যক্তি হৈছিল। তেওঁ তেওঁৰ মিচৰীয় প্রভুৰ ঘৰত আছিল। যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল। যোচেফে পোটিফৰৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁ তেওঁৰ ব্যক্তিগত পৰিচাৰক হ’ল; তাতে পোটিফৰে যোচেফক নিজৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু তেওঁৰ যি যি আছিল, সেই সকলোৰে দেখা-শুনাৰ ভাৰও তেওঁৰ অধীনত দিলে। যোচেফক তেওঁ নিজ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পতাৰ পাছৰ পৰাই যোচেফৰ কাৰণে যিহোৱাই সেই মিচৰীয়ৰ ঘৰক আশীৰ্ব্বাদ কৰিলে; তাতে পোটিফৰৰ ঘৰ-বাৰী আৰু খেতি-পথাৰ সকলোৰে ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে। সেয়ে পোটিফৰে নিজৰ সৰ্ব্বস্ব যোচেফৰ তত্বাৱধানত শোধাই দিলে। কেৱল নিজৰ খোৱা আহাৰৰ বাহিৰে পোটিফৰে আৰু আন একো চিন্তা নকৰিছিল। গঠণত যোচেফ সুন্দৰ আৰু দেখনীয়া আছিল।

কিছুদিনৰ পাছতে, যোচেফৰ ওপৰত তেওঁৰ প্ৰভুৰ ভার্য্যাৰ দৃষ্টি পৰিল। তেওঁ যোচেফক ক’লে, “মোৰ লগত শয়ন কৰাহি।” কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে। এই ঘৰত মোৰ ওপৰত আন কোনো নাই; তেওঁ মোক নিদিয়াকৈ একোকে ধৰি ৰখা নাই; কিন্তু কেৱল আপোনাকহে মোক দিয়া নাই; কাৰণ আপুনি তেওঁৰ ভাৰ্যা; তেন্তে মই কেনেকৈ ইমান ডাঙৰ এটা জঘন্য কাম কৰি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ?”

পোটিফৰৰ ভার্য্যাই দিনে দিনে যোচেফক এই কথা কৈ থাকিবলৈ ধৰিলে। কিন্তু যোচেফে তেওঁৰ লগত শয়ন কৰিবলৈ, এনেকি তাইৰ ওচৰত থাকিবলৈও তেওঁ মান্তি নহ’ল। এদিনাখন নিজৰ কোনো কার্যৰ বাবে যোচেফ ঘৰৰ ভিতৰলৈ গৈছিল। তেতিয়া ঘৰৰ কোনো মানুহ সেই ঠাইত নাছিল। পোটিফৰৰ ভার্য্যাই যোচেফক তেওঁৰ কাপোৰত ধৰি টানি ক’লে, “মোৰে সৈতে শয়ন কৰাহি।” কিন্তু যোচেফে কাপোৰখন তাইৰ হাততে এৰি থৈ বাহিৰলৈ পলাই গ’ল।

তাতে তাইৰ হাতত যোচেফে নিজৰ কাপোৰ এৰি থৈ বাহিৰলৈ পলাই যোৱা দেখি, তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ; মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”

যোচেফৰ প্রভু ঘৰলৈ নহা পর্যন্ত কাপোৰখন তাই নিজৰ ওচৰতে ৰাখিলে। পাছত তাই পোটিফৰৰ ওচৰত এই কথা কবলৈ গৈ ক’লে, “তুমি যি ইব্ৰীয়া দাসক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোক অপমান কৰিবলৈ মোৰ ইয়ালৈ সোমাই আহিছিল; কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”

যোচেফ বন্দীশালত থকা

যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল। সেয়ে, তেওঁ যোচেফক ধৰি নি যি ঠাইত ৰজাৰ বন্দীবোৰক ৰখা হয়, তেওঁক সেই কাৰাগাৰত আটক কৰি থলে; তাতে তেওঁ কাৰাগাৰতে থাকিল। কিন্তু যিহোৱা যোচেফৰ সংগে সংগে আছিল আৰু তেওঁ যোচেফৰ প্রতি অংগীকাৰযুক্ত বিশ্বস্ততা দেখুৱাইছিল। যিহোৱাই তেওঁক কাৰাগাৰৰ অধ্যক্ষৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে। তাতে অধ্যক্ষই কাৰাগাৰত থকা সকলো বন্দীবোৰক যোচেফৰ তত্বাৱধানত শোধাই দিলে; তেতিয়া সিহঁতে তাত কৰা সকলো কাৰ্য যোচেফৰ পৰিচালনাত হৈছিল। যোচেফৰ তত্বাৱধানত থকা কোনো বিষয়ক লৈ কাৰাগাৰৰ অধ্যক্ষ চিন্তিত নাছিল; কাৰণ যিহোৱা তেওঁৰ সংগত আছিল আৰু সেয়ে যোচেফে কৰা সকলো কার্যকে যিহোৱাই সফল কৰিছিল।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.