গালাতীয়া
Galatians
Introduction from this edition
গালাতীয়া পত্র
গ্রন্থ ৰচয়িতা
এই পত্রৰ লিখক পাঁচনি পৌল, এইটোৱেই আছিল আদি মণ্ডলীৰ সর্বসন্মত মন্তব্য। পৌলে এচিয়া মাইনৰত তেওঁলোকৰ প্রথম মিছনাৰী যাত্ৰা আৰম্ভ কৰাৰ সময়ত তেওঁ দক্ষিণ গালাতীয়াৰ মণ্ডলী সম্পর্কে এই পত্র লিখিছিল। কৰিন্থ বা ৰোমৰ দৰে গালাতীয়া এখন চহৰ নহয়, কিন্তু ই ৰোমান প্রদেশৰ আন বহু চহৰৰ দৰে আছিল আৰু ইয়াত অসংখ্য মণ্ডলী আছিল। এই গালাতীয়াসকল বুলি যিসকলক উদ্দেশ্য কৰি এই পত্র দিয়া হৈছে, সেই লোকসকল পৌলৰ যোগেদি মনপালটন কৰা আছিল।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 48 খ্ৰীষ্টাব্দ
পৌলে সম্ভবতঃ আন্তখিয়াত থাকোতে গালাতীয়াসকললৈ এই পত্র লিখিছিল, এয়াই তেওঁৰ আছিল গৃহৰ ভেটি।
প্রাপক
গালাতীয়া পত্রখন গালাতীয়াত থকা মণ্ডলীৰ সদস্যসকলৈ লিখা এখন পত্ৰ (গালাতীয়া 1:1-2)।
উদ্দেশ্য
এই পত্ৰখনৰ উদ্দেশ্য আছিল যিহূদীবাদীসকলৰ ভুৱা শুভবার্তাক খণ্ডন কৰা, এই ইহুদি খ্রীষ্টিয়ানসকলে বিশ্বাস কৰিছিল যে, পৰিত্রাণ পাবলৈ হ’লে চুন্নৎ কৰাতো এক অপৰিহার্য বিষয় আছিল আৰু এইদৰে তেওঁলোকক পৰিত্রাণৰ সঁচা ভিত্তিসমূহ মনত পেলাই দিছিল। পৌলে পৰিষ্কাৰভাবে তেওঁৰ পাঁচনিবাবৰ কর্তৃত্বৰ দ্বাৰা প্রতিক্রিয়া প্ৰকাশ কৰিছে আৰু এই প্রতিবাদক শুভবার্তা তেওঁ প্ৰচাৰ কৰিছে। এইটো বিশ্বাসৰ মাধ্যমত অনুগ্রহৰ যোগেদি মানুহ ন্যায়সঙ্গত হয়, আৰু ই মাত্র বিশ্বাস কৰে যে, তেওঁলোকে আত্মাৰ স্বাধীনতাত নতুন জীৱন যাপন কৰিছে।
মূল বিষয়
খ্রীষ্টত স্বাধীনতা
প্রান্তৰেখা
1. ভূমিকা — 1:1-10
2. শুভবার্তাৰ প্ৰমাণীকৰণ — 1:11-2:21
3. বিশ্বাসৰ দ্বাৰা আত্মপক্ষ সমর্থন — 3:1-4:31
4. বিশ্বাস আৰু স্বাধীনতাৰ জীৱনৰ অভ্যাস — 5:1-6:18
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.