Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহি 32

মিচৰ আৰু ফৰৌণৰ বিষয়ৰ বিলাপ।

তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা,

কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা,

তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”

প্ৰভু যিহোৱাই এই কথা কৈছে:

গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!

পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম

আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।

মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!

তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম,

আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!

আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম;

মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।

আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম,

আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম। এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”

কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।

ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।

মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম;

আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!

তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।”

এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!

“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম;

যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!

এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব।

তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!

পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,

“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া -

তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!

তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!

তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!

পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব:

তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’

অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে;

তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।

তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে,

যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!

এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল!

যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল,

যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে;

তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল,

কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!

মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে!

তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।

যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল,

যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল,

আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব।

গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।

ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।

হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।

ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা। “কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.