Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহি 28

তূৰৰ শাসনকৰ্তাজনৰ পতন।

তাৰ পাছত যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, আৰু ক’লে, “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়; তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!

তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা। তোমাৰ বাণিজ্য1, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল!

এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!

তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ’ব! যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সঁচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক শোধাই দিয়া হ’ব! তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”

পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে, “হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা! ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!

মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত স্থাপন কৰিছিলোঁ আৰু অভিষিক্ত কৰা কৰূবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা! তুমি জুইৰ নিচিনা চক্‌মকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা। তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।

তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্‌মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ। তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।

তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম। জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!”

চীদোনৰ বিৰুদ্ধে কোৱা ভাববাণী।

তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, “হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাইৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা! আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!

কিয়নো মই তাৰ মাজলৈ মহামাৰী আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠিয়াম। আৰু যেতিয়া চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তৰোৱালৰ দ্বাৰাই হত হোৱা লোক পতিত হ’ব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা! তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’

প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতি সমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব। তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”

Source notes (1)
  1. Footnote তোমাৰ বাণিজ্যৰ সৈতে

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.