ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
যাত্ৰা 35
লোকসকলে উপহাৰ দিয়া। ধৰ্মধাম নিৰ্মাণ কৰাসকলৰ বিষয়।
মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ। ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব। বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।”
মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ; যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল; নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম। ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ। প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য। এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ।
আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক। আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী। চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা।
তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা; দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল; ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা। হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব।
তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ, আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি। তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল। যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে।
যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে। প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে।
প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে। সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে।
মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে। তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে। ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে।
তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে। যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে। তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব। পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে।
যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ। যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.