Skip to content
BibleKenya

দানি

Daniel

Introduction from this edition

দানিয়েল

গ্রন্থ ৰচয়িতা

এই পুস্তকখনক লিখকৰ নামেৰে পাছত জনা যায়, দানিয়েল পুস্তকখন হ’ল ইস্রায়েলৰ পৰা ইহুদিসকল নির্বাসনত থকাৰ দৰে তেওঁৰ সময়ত বেবিলনৰ এটা উৎপাদিত ফল। “দানিয়েল” নামৰ অর্থ হ’ল “ঈশ্বৰ আমাৰ বিচাৰক”। এই পুস্তক খনৰ বিভিন্ন অধ্যায়ে ইংগিত দিয়ে যে ইয়াৰ লিখক দানিয়েল, যেনে 9:2; 10:2। দানিয়েলে তেওঁৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছিল আৰু বেবিলনৰ ৰাজধানীত তেওঁৰ সময়ত থকা নির্বাসিত ইহুদিসকলৰ বাবে ভাববাণী কৰিছিল, য’ত ৰজাৰ ওচৰত তেওঁৰ সেৱাই তেওঁক সমাজৰ সর্বোচ্চ স্তৰত প্রৱেশৰ সুযোগ দিছিল। দেশত প্রভুৰ প্রতি তেওঁৰ বিশ্বাসযোগ্য সেৱা আৰু মাত্র তেওঁ সংস্কৃতিয়ে তেওঁক বিশেষ কৰি তোলা নাই, কিন্তু শাস্ত্রৰ সকলো লোকতকৈ তেওঁ অনন্য।

লিখাৰ স্থান আৰু সময়

লিখাৰ সম্ভাব্য সময় প্রায় 605-530 খ্রীষ্টপূর্বৰ ভিতৰত।

প্রাপক

বেবিলনত থকা নির্বাসিত ইহুদিসকল আৰু পাছত বাইবেলৰ সকলো পাঠক।

উদ্দেশ্য

দানিয়েল পুস্তক খনে লিপিবদ্ধ কৰিছে, কর্ম, ভাববাণী, আৰু ভাববাদী দানিয়েলৰ দর্শন। এই পুস্তক খনে শিকাই যে, ঈশ্বৰ তেওঁৰ অনুসৰণকাৰীসকলৰ প্রতি বিশ্বস্ত। লোভ আৰু চাপ সত্ত্বেও, বিশ্বাসীসকলে তেওঁলোকৰ পার্থিব দায়িত্ব পালন কৰাৰ সময়ত ঈশ্বৰৰ প্রতি বিশ্বস্ত থাকিব লাগে।

মূল বিষয়

ঈশ্বৰৰ সার্বভৌমত্ব

প্রান্তৰেখা

1. সপোনত দেখা বৃহৎ মূর্তিটোৰ বিষয়ে দানিয়েলৰ বাখ্যা — 1:1-2:49

2. বিশাল অগ্নিৰ মাজৰ পৰা চদ্রক, মৈচক আৰু ওবেদ নগোগক উদ্ধাৰ কৰা — 3:1-30

3. নবুখদনেজৰৰ সপোন — 4:1-37

4. চলন্ত আঙুলিয়ে লিখা আৰু দানিয়েলে কৰা বিনাশৰ ভাববাণী — 5:1-31

5. সিংহৰ গাতত দানিয়েল — 6:1-28

6. চাৰি প্রাণীৰ দর্শন — 7:1-28

7. এটা ভেড়া, ছাগলী আৰু এটা ক্ষুদ্র শিঙৰ দর্শন — 8:1-27

8. দানিয়েলৰ প্রার্থনাৰ উত্তৰৰ সৈতে 70 (সত্তৰ) বছৰ — 9:1-27

9. দানিয়েলৰ চূড়ান্ত যুদ্ধৰ দর্শন — 10:1-12:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.