Skip to content
BibleKenya

কলচীয়া

Colossians

Introduction from this edition

কলচীয়া পত্ৰ

গ্রন্থ ৰচয়িতা

ই কলচীয়াসকলৰ প্রতি পৌলৰ এখন প্রকৃত চিঠি (1:1)। এই পত্র খন পৌলে লিখা বুলি আদি মণ্ডলীৰ সকলোৱে অনুমোদন কৰে। পৌলে নিজে কলচী মণ্ডলী স্থাপন কৰা নাছিল। পৌলৰ এজন সহকর্মী, সম্ভৱতঃ ইপাফ্রাই, প্রথমতে কলচীত শুভবার্তা প্রচাৰ কৰিছিল (4:12,13)। ভুৱা শিক্ষকসকলে এক বিচিত্র, নতুন মতবাদ লৈ কলচীলৈ আহিছিল। তেওঁলোকে খ্রীষ্টিয় মতবাদৰ সৈতে মূর্তিপূজক আৰু যিহূদীধর্মীয় মিশ্রিত মতবাদ লৈ আহিছিল। পৌলে সকলোৰে উর্ধত খ্রীষ্টক দেখুৱাই ভুৱা শিক্ষকসকলৰ শিক্ষাৰ বিৰোধ কৰিছিল। নতুন নিয়মত সকলোতকৈ বেছি খ্রীষ্টিয়কেন্দ্রিক কথা এই কলচীয়া পত্ৰতে কোৱা হৈছে। ইয়াত দেখুওৱা হৈছে যে যীচু সকলোৰে মূৰ।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্রায় 60 খ্রীষ্টাব্দ।

সম্ভৱতঃ পৌলে তেওঁৰ প্রথম কাৰাবাসৰ সময়ত ৰোমত থাকোতে এই পত্র লিখিছিল।

প্রাপক

পৌলে কলচীয়া মণ্ডলীক উদ্দেশ্য কৰি এই পত্রত লিখিছে যে, “কলচীত থকা খ্রীষ্টত বিশ্বাসী সাধু আৰু ভাইসকললৈ” বুলি। (1:1-2), এই মণ্ডলী ইফিচৰ পৰা এশ মাইল দূৰৰ লাইকাচ উপত্যাকাত আছিল। পাঁচনিয়ে কেতিয়াও এই মণ্ডলী পৰিদর্শন কৰা নাছিল (1:4; 2:1)।

উদ্দেশ্য

কলচীত যি বিপদজ্জনক বিধর্ম আছিল, সেই সম্বন্ধে উপদেশ প্রদানৰ কাৰণে পৌলে এই পত্র লিখিছিল, সম্পূর্ণ, সচাৰচৰ, আৰু খ্রীষ্টৰ ওপৰত সমগ্র সৃষ্টিৰ পূর্ণ কর্তৃত্ব প্রদান আৰু ইয়াক অব্যাহত ৰখাৰ মাধ্যমত এই বিষয়ে উত্তৰ দিয়ে (1:15; 3:4), তাত থকা পাঠকসকলৰ জীৱনৰ সকলো সৃষ্টিৰ ওপৰ মহান খ্রীষ্টৰ দর্শনৰ কাৰণে উৎসাহিত কৰিবলৈ (3:5; 4:6) আৰু মণ্ডলীৰ প্রতি তেওঁলোকৰ সুশৃংখল খ্রীষ্টিয় জীৱন যাপন কৰাৰ বাবে আৰু ভুৱা শিক্ষকৰ হুমকিৰ সন্মুখত তেওঁলোকৰ স্থিতিশীলতাৰ প্রতি বিশ্বাস স্থাপন কৰিবলৈ উদ্বুদ্ধ কৰিবলৈ (2:2-5)।

মূল বিষয়

খ্রীষ্টৰ আধিপত্য।

প্রান্তৰেখা

1. পৌলৰ শুভেচ্ছা আৰু প্রার্থনা — 1:1-14

2. খ্রীষ্টত থকা ব্যক্তিৰ কাৰণে পৌলৰ মতবাদ — 1:15-23

3. ঈশ্বৰৰ পৰিকল্পনা আৰু উদ্দেশ্যত পৌলৰ অংশ আৰু উদ্দেশ্য — 1:24-2:5

4. ভুৱা শিক্ষাৰ বিৰুদ্ধে সতর্কবাণী — 2:6-15

5. বিধর্মীসকলৰ হুমকিৰ সৈতে পৌলৰ সন্মুখীন — 2:16-3:4

6. খ্রীষ্টত থকা নতুন মানুহৰ বর্ণনা — 3:5-25

7. শ্লাঘা আৰু অভিবাদনেৰে সামৰণি — 4:1-18

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.