ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
পাঁচনি 3
পিতৰে এজন খোৰাক সুস্থ কৰা আৰু তাৰ ফল
এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল। তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে। তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে। তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”। তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল। তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”। তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে। তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল। তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে। পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল। ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে? যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে। কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে; আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে। কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে। এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে; আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে। ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”। ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল। আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।” আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.