2 পিতৰ
2 Peter
Introduction from this edition
2 পিতৰ
গ্রন্থ ৰচয়িতা
2 পিতৰৰ লিখক হ’ল পাঁচনি পিতৰ, এই বিষয়ে 2 পিতৰ 1:1 পদত উল্লেখ আছে, 3:1 পদত তেওঁ এই দাবী উঠাইছে, 2 পিতৰৰ লিখকে যীচুৰ ৰূপান্তৰিত হোৱাৰ সাক্ষী বুলি দাবী কৰে (1:16-18), সাৰসংক্ষিপ্ত শুভবার্তা পুস্তক অনুসাৰে, পিতৰ আছিল সেই তিনিজন শিষ্যৰ এজন যিজনে যীচুক সংগ দিছিল (আন দুজন আছিল যাকোব আৰু যোহন)। 2 পিতৰৰ লিখকে ইয়াকো উল্লেখ কৰে যে, তেওঁ মৰাৰ বাবে যি মৃত্যু বৰণ কৰা হৈছে, সেয়া ছহীদৰ মৃত্যু বুলি কোৱা হৈছে (1:14); যোহন 21:18-19 পদত, যীচুৱে ভবিষ্যত বাণী কৰি কৈছিল যে, কাৰাবৰণৰ সময় পাৰ হোৱাৰ পাছত পিতৰ ছহীদ হ’ব।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 65-68 খ্রীষ্টাব্দ।
ই সম্ভৱতঃ ৰোমৰ পৰা লিখা হৈছিল, য’ত পাঁচনিয়ে তেওঁৰ জীৱনৰ শেষ সময়চোৱা অতিবাহিত কৰিছিল।
প্রাপক
প্রথম পিতৰ যেনেদৰে এচিয়া মাইনৰৰ উত্তৰাঞ্চলৰ লোকসকলৰ বাবে লিখা হৈছিল, ঠিক তেনেদৰে এই পত্রও একে শ্রোতাসকলৰ বাবে লিখিছিল।
উদ্দেশ্য
পিতৰে খ্রীষ্টিয় বিশ্বাসৰ ভিত্তিত এটা জাননী প্রদান কৰিবৰ বাবে লিখিছিল (1:12-13,16-21) বিশ্বাসত থকা বিশ্বাসীসকলৰ বংশৰ ভবিষ্যতৰ বাবে নির্দেশনাৰ (1:15) দ্বাৰা পাঁচনিবাবৰ ঐতিহ্যৰ সত্যতা সমর্থন কৰা, পিতৰে লিখিছে যে, তেওঁৰ সময় কম আছিল আৰু তেওঁ জানিছিল যে ঈশ্বৰৰ লোকসকলে অনেক বিপদৰ সন্মুখীন হয় (1:13-14; 2:1-3), আহিবলগীয়া ভুৱা শিক্ষকসকলৰ বিষয়ে সতর্ক কৰি পিতৰে তেওঁৰ পাঠকসকললৈ লিখিছিল (2:1-22) যাতে তেওঁলোকে পলম নকৰি প্রভুৰ ওচৰৰ পৰা সোনকালে উভতি যায় (3:3-4)।
মূল বিষয়
ভুৱা শিক্ষকসকললৈ সাৱধান বাণী।
প্রান্তৰেখা
1. শুভেচ্ছা — 1:1, 2
2. খ্রীষ্টিয়ানসকলৰ গুণাত্মক বৃদ্ধি — 1:3-11
3. পিতৰৰ বার্তাৰ উদ্দেশ্য — 1:12-21
4. ভুৱা শিক্ষকসকলৰ বিৰুদ্ধে সাৱধান বাণী — 2:1-22
5. খ্ৰীষ্টৰ পুনৰ আগমন — 3:1-16
6. উপসংহাৰ — 3:17, 18
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.