Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 ৰাজা 14

অমচিয়াই যিহূদাত ৰাজত্ব কৰা।

ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে। তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিহোৱাদ্দন। তেওঁ যিৰূচালেম নগৰৰ বাসিন্দা আছিল। যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিছিল; তথাপিও তেওঁৰ পূর্বপুৰুষ দায়ূদৰ নিচিনা নাছিল; তেওঁ তেওঁৰ পিতৃ যোৱাচৰ দৰে সকলো কৰ্ম কৰিছিল। কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ ধ্বংস নকৰিলে। লোকসকলে তাত তেতিয়াও হোমবলি দিছিল আৰু ধূপ জ্বলাই আছিল। ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।

কিন্তু ঘাতকসকলৰ পুত্রসকলক হ’লে তেওঁ বধ কৰা নাছিল; মোচিৰ বিধান পুস্তকত যি লিখা আছিল, তেওঁ সেই দৰেই তেওঁলোকক বধ নকৰিলে। সেই পুস্তকত যিহোৱাই এইদৰে কৈছে, “সন্তানৰ কাৰণে পিতৃক অথবা পিতৃ-মাতৃৰ কাৰণে সন্তানক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত নহ’ব। কিন্তু প্ৰতিজনে তেওঁৰ নিজ নিজ পাপৰ কাৰণে মৰিব লাগিব।” অমচিয়াই লৱণ উপত্যকাত দহ হাজাৰ ইদোমীয়া লোকক বধ কৰিলে আৰু যুদ্ধত চেলা নগৰ অধিকাৰ কৰি সেই ঠাইৰ নাম যক্তিয়েল ৰাখিলে; সেই নাম আজিলৈকে আছে।

তাৰ পাছত তেওঁ যেহূৰ নাতি, অর্থাৎ যিহোৱাহজৰ পুত্ৰ ইস্রায়েলৰ ৰজা যিহোৱাচলৈ মানুহ পঠাই ক’লে, “আহঁক, আমি যুদ্ধৰ কাৰণে মুখা-মুখি হওঁ।” কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে। ইদোমক পৰাজয় কৰি নিশ্চয় আপোনাৰ মনত অহংকাৰ হৈছে। গতিকে জয়ৰ অহংকাৰ কৰক; তথাপিও ঘৰতে থাকক। কিয় নিজলৈ বিপদ মাতি আনিছে আৰু তাৰ লগতে নিজৰ আৰু যিহূদাৰো ধ্বংস মাতি আনিছে?”

কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল। ইস্ৰায়েলৰ হাতত যিহূদা সম্পূর্ণৰূপে পৰাস্ত হ’ল আৰু সকলোৱেই নিজৰ নিজৰ ঘৰলৈ পলাই গ’ল। ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে। যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।

যিহোৱাচে কৰা কাৰ্যৰ অন্যান্য বৃতান্ত, তেওঁৰ পৰাক্ৰমৰ কথা আৰু যিহূদাৰ অমচিয়া ৰজাৰ লগত তেওঁ যুদ্ধ কৰা কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই? পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।

ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল। অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই? তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে। তেওঁলোকে তেওঁৰ শৱটো ঘোঁৰাৰ পিঠিত তুলি যিৰূচালেমলৈ লৈ আনিলে আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। পাছত যিহূদাৰ সকলো লোকে অজৰিয়াক তেওঁৰ পিতৃ অমচিয়াৰ পদত ৰজা পাতিলে। তেতিয়া তেওঁৰ বয়স আছিল ষোল্ল বছৰ। ৰজা অমচিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, ৰজা অজৰিয়াই এলৎ নগৰ পুনৰ নির্মাণ কৰিলে আৰু যিহূদাৰ অধীনলৈ আনিলে।

ইস্ৰায়েলত দ্বিতীয় যাৰবিয়ামৰ ৰাজত্ব

যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে। তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে আৰু নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কৰাইছিল, তেওঁ সেইসকলো পাপ কৰি থাকিল; সেইসকলোৰে পৰা তেওঁ আঁতৰ নহ’ল। ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁৰ দাস গৎ-হেফৰৰ অমিত্তয়ৰ পুত্ৰ ভাববাদী যোনাৰ দ্বাৰাই যি কথা কৈছিল, সেই কথা অনুসাৰে যাৰবিয়ামে লেব হমাত এলেকাৰ পৰা অৰাবা সমুদ্ৰলৈকে ইস্ৰায়েলৰ সীমা পুনৰায় স্থাপন কৰিলে। কিয়নো যিহোৱাই দেখিছিল যে, ইস্ৰায়েলত স্বাধীন বা দাস সকলোৱে কেনেৰূপ কষ্ট ভোগ কৰি আছে; তেওঁলোকক উদ্ধাৰ কৰিবলৈ তাত কোনো নাছিল। যিহেতু যিহোৱাই কোৱা নাছিল যে, ইস্ৰায়েলৰ নাম আকাশৰ তলৰ পৰা লুপ্ত কৰি পেলাব, সেয়ে তেওঁ যিহোৱাচৰ পুত্ৰ যাৰবিয়ামৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিলে।

যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই? পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.