Skip to content
BibleKenya

2 কৰি

2 Corinthians

Introduction from this edition

2 কৰিন্থীয়া

গ্রন্থ ৰচয়িতা

পৌলে তেওঁৰ জীৱনৰ এক অসুৰক্ষিত সময়ত দ্বিতীয় কৰিন্থীয়া লিখিছিল। কৰিন্থীয়া মণ্ডলীয়ে সংগ্রাম কৰিবলগীয়া হোৱা বুলি তেওঁ জানিব পাৰিছিল আৰু তেওঁ বিশ্বাসীসকলৰ স্থানীয় লোকৰ সৈতে ঐক্য ৰক্ষা কৰাৰ কাৰণে ব্যৱস্থা ল’ব বিচাৰিছিল। যেতিয়া পৌলে এই পত্র লিখিছিল, তেতিয়া কৰিন্থত থকা বিশ্বাসীসকলৰ বাবে তেওঁৰ যি প্রেম আছিল তাৰ কাৰণে তেওঁ দুখ আৰু যন্ত্রণাৰ সম্মুখীন হ’ব লগা হৈছিল। দুখ-কষ্টবোৰে মানুহৰ দুর্বলতাবোৰ প্রকাশ কৰে, কিন্তু ঈশ্বৰৰ ওপৰত থকা সক্ষমতাই- “মোৰ অনুগ্ৰহ তোমাৰ বাবে যথেষ্ট, দুর্বলতাত মোৰ শক্তি সিদ্ধ হয়” (2 কৰিন্থীয়া 12:7-10)। এই পত্রত, পৌলে তেওঁৰ পৰিচর্যা আৰু পাঁচনিবাবৰ প্রতি তেওঁৰ কর্তৃত্বৰ ওপৰত থকা প্রতিপক্ষক তীব্রভাবে প্রতিহত কৰিছে। তেওঁ ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্টৰ এজন পাঁচনি হৈ পুনর্ব্যক্তব্য দিয়াৰ যোগেদি এই পত্র লিখাৰ আবম্ভ কৰিছে (2 কৰিন্থীয়া 1:1)। এই পত্ৰৰ যোগেদি পৌলে পাঁচনি আৰু খ্রীষ্টিয় বিশ্বাসৰ বহু বিষয় প্রকাশ কৰে।

লিখাৰ স্থান আৰু সময়

সম্ভাব্য সময় প্রায় 55-56 খ্রীষ্টাব্দ

এই কৰিন্থীয়সকলৰ প্রতি পৌলৰ দ্বিতীয় পত্রখন পৌলে মাকিদনীয়াৰ পৰা লিখিছিল। প্রাপক এই পত্রখন লিখিছিল কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলী আৰ যিসকল আখায়াত আছিল সেইসকললৈ; এই আখায়া আছিল এখন ৰোমীয় প্ৰদেশ, ইয়াৰ ৰাজধানী আছিল কৰিন্থ (2 কৰিন্থীয়া 1:1)।

প্রাপক

এই পত্রখন লিখিছিল কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলী আৰ যিসকল আখায়াত আছিল সেইসকললৈ; এই আখায়া আছিল এখন ৰোমীয় প্ৰদেশ, ইয়াৰ ৰাজধানী আছিল কৰিন্থ (2 কৰিন্থীয়া 1:1)।

উদ্দেশ্য

এই পত্ৰ লিখাৰ বাবে পৌলৰ কিছুমান উদ্দেশ্য আছিল, এই সান্তনা আৰু আনন্দ প্রকাশ কৰাৰ কাৰণে পৌলে মন কৰিছিল যে, কৰিন্থীয়াসকলে তেওঁৰ বেদনাদায়ক পত্ৰৰ অনুকুল বিষয়বোৰ এৰি দিছিল (1:3-4; 7:8-9, 12:13), এচিয়া প্রদেশৰ মাজেৰে যোৱা বিপদ সম্পর্কে তেওঁ জনা (1:8–-11), তেওঁলোকক তেওঁ কৈছিল অভিযুক্ত দলক ক্ষমা কৰিবা (2:5-11), অবিশ্বাসী সকলৰ সৈতে যুৱলিত বান্ধ নাখাবৰ বাবে সাবধান কৰা (6:14; 7:1), তেওঁলোকৰ প্রকৃত আচৰণ আৰু খ্রীষ্টিয় পৰিচর্যাৰ প্রতি থকা উচ্চ আহ্বানৰ বিষয়ে বাখ্যা কৰিছিল (2:14-7:4), দান কৰা অনুগ্রহৰ বিষয়ে কৰিন্থীয়া সকলক শিক্ষা দিয়া আৰু নিশ্চিত আছিল যে যিৰুচালেমত থকা দুখীয়া খ্রীষ্টিয়ানসকলৰ বাবে দান সংগ্রহ সম্পূর্ণ কৰা (8–:9)।

মূল বিষয়

পৌলে তেওঁৰ পাঁচনিবাবক সুৰক্ষা দিয়া।

প্রান্তৰেখা

1. পৌলে তেওঁ পৰিচর্যাৰ বিষয়ত দিয়া বাখ্যা — 1:1-7:16

2. যিৰুচালেমত থকা দুখীয়াসকলৰ বাবে সংগ্রহ কৰা — 8:1-9:15

3. পৌলে তেওঁৰ কর্তৃত্ব ৰক্ষা কৰা — 10:1-13:10

4. ত্রিত্ববাদী আশীর্বাদ বচনেৰে সামৰণি — 13:11-14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.