Skip to content
BibleKenya

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 বংশা 27

যোথম আৰু আহজৰ ৰাজত্ব। শত্ৰুৱে কৰা উপদ্ৰৱ।

যোথমে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স পঁচিশ বছৰ আছিল; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল৷ তেওঁৰ মাক চাদোকৰ জীয়েক যিৰূচা আছিল। তেওঁ নিজ পিতৃ উজ্জিয়াৰ সকলো কাৰ্যৰ দৰেই, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকে কৰিলে৷ আনকি তেওঁ যিহোৱাৰ মন্দিৰত ধূপ জলাবলৈ সোমোৱা নাছিল৷ কিন্তু লোকসকলে কু-আচৰণ কৰিয়েই থাকিল।

তেওঁ যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু ওফেলৰ গড়ৰ অনেক ঠাই পুনৰায় নিৰ্ম্মাণ কৰিলে৷ আনকি যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে।

তেওঁ অম্মোনৰ সন্তান সকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে৷ তাতে অম্মোনৰ সন্তান সকলে সেই একে বছৰত তেওঁক এশ কিক্কৰ ৰূপ, দহ হাজাৰ কোৰ ঘেঁহু আৰু দহ হাজাৰ কোৰ যৱ ধান দিলে৷ দ্বিতীয় আৰু তৃতীয় বছৰতো অম্মোনৰ সন্তান সকলে তেওঁক একেদৰেই দিলে।

এইদৰে যোথম শক্তিশালী হ’ল, কিয়নো তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল৷ যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। তেওঁ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল পঁচিশ বছৰ; ৰজা হৈ তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিলে। যোথম তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত, লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ পাছত তেওঁৰ পুত্ৰ আহজ, তেওঁৰ পদত ৰজা হৈছিল।

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.

Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.

BibleKenya

Reader settings

Theme
Font
Alignment
Reading width

Saved in this browser and used offline too. Press ? for keyboard shortcuts.