1 তীমথিয়
1 Timothy
Introduction from this edition
1 তীমথিয়
গ্রন্থ ৰচয়িতা
এই পত্ৰৰ লিখক পৌল, 1 তীমথিয়ত স্পষ্টভাবে লিখা আছে যে এই পত্র পাঁচনি পৌলৰ দ্বাৰা লিখা হৈছে, “পৌল, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্রীষ্ট যীচুৰ এজন পাঁচনি” (1 তীমথিয় 1:1)। আদি মণ্ডলীয়ে এই পত্রক পৌলীয় পত্র বুলি স্পষ্টভাবে স্বীকাৰ কৰে।
লিখাৰ স্থান আৰু সময়
সম্ভাব্য সময় প্রায় 62-64 খ্ৰীষ্টাব্দৰ মাজ ভাগত।
যেতিয়া পৌলে তীমথিয়ক ইফিচত এৰি আহিছিল, তেতিয়া তেওঁ মাকিদনীয়ালৈ ধাৰাবাহিকভাবে গৈ আছিল, তাতে তেওঁৰ লৈ এই পত্ৰ লিখিছিল (1 তীমথিয় 1:3; 3:14,15)।
প্রাপক
ইয়াক প্রথম তীমথিয় নামেৰে জনা যায় কাৰণ ইয়াক তীমথিয়লৈ বুলি নির্দেশ কৰা হৈছিল। তেওঁ পৌলৰ যাত্রাত সংগী আছিল আৰু তেওঁৰ মিছনাৰী যাত্রাৰ সহযোগী আছিল। উভয় তীমথিয় আৰু সম্পূর্ণ মণ্ডলী হিচাপে 1 তীমথিয়ক উদ্দীষ্ট পাঠক হয়।
উদ্দেশ্য
কিদৰে ঈশ্বৰৰ পৰিয়ালত নিজকে পৰিচালনা কৰা উচিত সেই সম্পর্কে তীমথিয়ক দিয়া শিক্ষা (3:14-15) আৰু কিদৰে তীমতথিয়ই এই নির্দেশাৱলী দ্রুত ৰূপত ধৰি ৰাখিছিল। এই পদে 1 তীমথিয় পুস্তকৰ কাৰণে পৌলৰ উদ্দেশ্য হিচাপে কাম কৰে। তেওঁ ক’লে যে তেওঁ লিখিছিল যাতে তেওঁলোকে জানিব পাৰে কিদৰে লোকসকলে ঈশ্বৰৰ পৰিয়ালত নিজকে পৰিচালনা কৰে, যি জীৱন্ত ঈশ্বৰৰ মণ্ডলী, সত্যৰ স্তম্ভ আৰু ভিত্তি। এই পাঠবোৰ বিচাৰি পৌলে পত্র পঠিয়াইছিল আৰু তেওঁৰ লোকসকলে যাতে এই সম্পর্কে শক্তিশালী হয় আৰু মণ্ডলী সমূহ স্থাপিত হয়।
মূল বিষয়
যুৱ শিষ্যসকলৰ কাৰণে নির্দেশনাৱলী।
প্রান্তৰেখা
1. পৰিচর্যাৰ বাবে অনুশীলন — 1:1-20
2. পৰিচর্যাৰ বাবে মূলনীতি — 2:1-3:16
3. পৰিচর্যাত থকা দায়িত্ববোৰ — 4:1-6:21
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.