1 চমূ
1 Samuel
Introduction from this edition
1 চমূৱেল
গ্রন্থ ৰচয়িতা
পুস্তক খনে কোনো লোককে লিখক হিচাপে দাবী কৰা নাই। তথাপিও চমূৱেলে হয়তো লিখিছিল, আৰু তেওঁ ইয়াৰ নিশ্চিত তথ্য সৰবৰাহ কৰিছে, 1 চমুয়েল 1:1-24:22, ই হ’ল তেওঁৰ জীৱনৰ এটা আত্মলেখা, আৰু ই তেওঁৰ মৃত্যুলৈকে বিৱৰণী দি আছে। এইটো অতি সম্ভাৱনাপূর্ণ বিষয় যে, এই পুস্তকৰ অংশবিশেষ ভাববাদী চমূৱেলে লিখা হয় বুলি। অন্যান্য সম্ভাৱনাৰ ভিতৰত 1 চমূৱেল পুস্তকত ভাববাদী বা বুৰঞ্জীবিদ নাথন বা গাদৰ অৱদান আছে (1 বংশা 29:29)।
লিখাৰ স্থান আৰু সময়
সম্ভৱতঃ লিখাৰ সময় প্রায় 1050-722 খ্রীষ্টপূর্বৰ মাজভাগত।
এই পুস্তক খন লিখকে ইস্রায়েল আৰু যিহূদা নামেৰে ৰাজ্যৰ বিভাগ হোৱাৰ পাছত লিখিছিল, ইয়াৰ স্পষ্ট কাৰণ হিচাপে ইস্রায়েল আৰু যিহূদাৰ বহুতো নির্দিষ্ট অস্তিত্বৰ নির্দেশনা আছে (1 চমুয়েল 11:8; 17:52; 18:16; 2 চমুয়েল 5:5; 11:11; 12:8; 19:42-43; 24:1,9)।
প্রাপক
এই পুস্তক খনৰ মূল পাঠকসকল হ’ল ইস্রায়েল আৰু যিহূদাৰ বিভাজিত ৰাজতন্ত্রৰ সদস্যসকল, যিসকলে জনাটো প্রয়োজন আছিল স্বর্গীয় পৰিপ্রেক্ষিতত দায়ুদৰ ৰাজত্বৰ মূল্য আৰু উদ্দেশ্য।
উদ্দেশ্য
প্রথমে চমূৱেলে কানান দেশৰ ইতিহাসৰ তথ্য লিপিৱদ্ধ কৰে, কাৰণ যিহেতু তেওঁলোকে বিচাৰকর্তাসকলৰ শাসনৰ পৰা সংযুক্ত জাতিৰ ৰজাসকলৰ অধীনলৈ আহিছিল। চমূৱেলে শেষ বিচাৰকর্তা হিচাপে অভ্যুদয় কৰে, তেঁৱেই প্রথমে চীল আৰু দায়ুদক ৰজা হিচাপে অভিষেক কৰে।
মূল বিষয়
অবস্থান্তৰ।
প্রান্তৰেখা
1. চমুয়েলৰ জীৱন আৰু পৰিচর্যা — 1:1-8:22
2. ইস্রায়েলৰ প্রথম ৰজা হিচাপে চৌলৰ জীৱন — 9:1-12:25
3. ৰজা হিচাপে চৌলৰ ব্যর্থতা — 13:1-15:35 দায়ুদৰ জীৱন — 16:1-20:42
4. ইস্রায়েলৰ ৰজা হিচাপে দায়ুদৰ অভিজ্ঞতা — 21:1-24:22
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019. Copyright © 2017, 2018 Bridge Connectivity Solutions. Licensed under CC BY-SA 4.0. Source: eBible.org. Typeset from the source files; no intended changes to scripture wording. BibleKenya is not endorsed by the rights holder.
Full source notice & licence · CC BY-SA 4.0 · SourceEdition imported 2026-10-25.